দেৱাল্ড ব্রেভিছক ক্রয় চেন্নাইৰ

দেৱাল্ড ব্রেভিছক ক্রয় চেন্নাইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ পৰৱৰ্তী মেচকেইখনৰ বাবে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে দক্ষিণ আফ্ৰিকাৰ বেটাৰ দেৱাল্ড ব্রেভিছক ক্রয় কৰিছে।আঘাতপ্রাপ্ত গুৰজপনীট সিঙৰ স্থানত ব্রেভিছক চিএছকেত অন্তর্ভুক্ত কৰা হয় বুলি ফ্রেনচাইজীটোৱে জানিবলৈ দিছে।  ২০২২ আৰু ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছক প্রতিনিধিত্ব কৰা ব্রেভিছে এতিয়ালৈকে ৮১খন টি-২০ত অংশগ্রহণ কৰি ১৭৮৭ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ব্রেভিছে ২০২৩ চনত দক্ষিণ আফ্ৰিকাৰ হৈ দুখন টি-২০ মেচত ভাগ লৈছিল। উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰত হৈ যোৱা আইপিএলৰ খেলুৱৈৰ নিলামত ব্রেভিছক কোনো দলে ক্ৰয় কৰা নাছিল।