দেৱান ধ্ৰুৱজ্যোতি মৰলে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ উপাধ্যক্ষৰ দায়িত্ব

Pc Hindustan Samachar Assamese

দেৱান ধ্ৰুৱজ্যোতি মৰলে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ উপাধ্যক্ষৰ দায়িত্ব

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ খানাপাৰাস্থিত কাৰ্যালয়ত নৱ নিযুক্ত উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰলে আজি অনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। উক্ত সময়ত দলীয় সতীৰ্থ সকলে মৰলক সংগ প্ৰদান কৰে। দায়িত্বভাৰ গ্ৰহণৰ প্ৰথম দিনটোত উপাধ্যক্ষ গৰাকীয়ে বিভাগৰ কৰ্মচাৰী সকলৰ সৈতে চিনা পৰিচয় হোৱাৰ লগতে মত বিনিময় কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত শ্ৰী মৰলে কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে, অগ্ৰজ ব্যক্তি সকল, দলীয় সতীৰ্থ, সাংবাদিক বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষী সকলৰ আশীৰ্বাদ তথা আন্তৰিকতাক সেৱা জনাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। অনাগত দিনতো এতিয়াৰ দৰে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।