দেৱব্ৰত শইকীয়াৰ নেতৃত্বত খেৰণিত উপস্থিত বিৰোধী বিধায়ক আৰু দলৰ নেতা

দেৱব্ৰত শইকীয়াৰ নেতৃত্বত খেৰণিত উপস্থিত বিৰোধী বিধায়ক আৰু দলৰ নেতা
পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ দাবীত ৰাজ্যপালক সাক্ষাৎ

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত চৰজমিন তদন্ত কৰাৰ পিছত অসমৰ বিৰোধী ৰাজনৈতিক দলৰ এটা প্ৰতিনিধি দলে ৩১ ডিচেম্বৰ, বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। ৰাজ্যৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি এই কথা জানিবলৈ দিছে। কাইলৈ বিয়লি ৪ বজাত ৰাজ্যপালৰ সাক্ষাতৰ বাবে যোগাযোগ কৰা হৈছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে। যাৰ পৰিণতিত খেৰণিত দুজন লোকৰ মৃত্যু হৈছে আৰু কেবাজনো আহত হৈছে। নিহত আৰু আহতসকলৰ আত্মীয়ক বিধি অনুযায়ী ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে হিংসাত্মক কাৰ্যৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তদন্ত কৰি সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰা হ’ব বুলি শইকীয়াই উল্লেখ কৰে। উল্লেখ্য যে, সঁজাতী দলটোত আছিল কংগ্ৰেছ দলৰ বিধায়ক শিৱামণি বৰা, ভাস্কৰ বৰুৱা, দিগন্ত বৰ্মন, ৱাজেদ আলী চৌধুৰী, নুৰুল হুদা, ৰছিদ মণ্ডল, ৰেকিবুদ্দিন আহমেদ, প্ৰদীপ সৰকাৰ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, অজাপৰ জ্যেষ্ঠ নেতা জগদীশ ভূঞা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ ভূঞা, ঘন চেতিয়া, নাছিৰ খান, ৰমন ঝা, সুমন কল্যাণ বৰা, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংঘি, কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস, চেৰিস্মা ৰংপিপি, ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন, চিপিআইএমএলৰ বিবেক দাস। সঁজাতী দলটোৱে পৰিদৰ্শনৰ অন্তত উক্ত ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলিও অভিযোগ উত্থাপন কৰে। কেৱল ভোটবেংকৰ স্বাৰ্থত পাহাৰ-ভৈয়াম আৰু জাতি-জনজাতিৰ মাজত বিভাজন সৃষ্টি কৰি ‘ডিভাইড এণ্ড ৰুল’ নীতি প্ৰয়োগ কৰা হৈছে বুলিও বিৰোধী দলসমূহে কয়। ইফালে, সজাঁতী দলটোৰ প্ৰতিনিধিসকলে সাংবাদিকৰে মত বিনিময় কৰি কয় যে পশ্চিম বংগত সৰু ঘটনা হ’লেই ৰাষ্ট্ৰপতি শাসন বিচৰা বিজেপিয়ে অসম জ্বলি থাকোঁতে আজিলৈকে কোনো বিশেষ ব্যৱস্থা লোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু কাৰ্বি পৰিষদ এই পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অনিয়ম আৰু অবাধ দুৰ্নীতিৰ বাবে জিলাখনত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হৈছে। পিজিআৰ-ভিজিআৰ মাটিৰ সমস্যা সূক্ষ্মভাৱে পৰীক্ষা কৰি উচ্ছেদ চলোৱাৰ লগতে তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগৰ ঘটনা আৰু পৰৱৰ্তী সময়ত ৰংহাঙৰ পৰিয়ালৰ তৰফৰ পৰা ঘৰটোত বুলড’জাৰ চলোৱা বিষয়টোও তদন্তৰ আওতালৈ আহিব লাগে বুলিও তেওঁ উল্লেখ কৰে।