দেৱদূত
মিতালি বৰঠাকুৰ,মালিগাওঁ
জীৱনৰ বাটত সুখৰ ফুল সিঁচি সিঁচি
এজন দেৱদূত গুচি গ’ল
আবেলিৰ হেঙুলীয়াত বাজি থাকিল
তেজাল শব্দবোৰ ।
সপোনবোৰ সেউজীয়া হৈ পূৰঠ হ’ব
খোজোঁতেই দপদপকৈ জ্বলাই দিয়া একুৰা জুইত
বাস্তৱৰ ৰংবোৰ জ্বলি চাৰখাৰ হ’ল
নিমিষতে শেষ হ’ল এটি উজ্জ্বল নক্ষত্ৰৰ ।
কুঁৱলীয়ে আৱৰা দুপৰীয়া এটাত
কঁপি উঠিল হাজাৰ জনৰ
আতংকিত হৃদয়বোৰ।
অমল আকুলতাৰে বাট চালে
বৰফতকৈয়ো শীতল প্ৰাণহীন শৰীৰটোলৈ ।
অস্ৰুৰ বন্যা বোৱাই বিদায় দিলে
এটি মহান আত্মাক।
বিদায়বেলাত শ্মশানবেদীত ফুলি থাকিল
সুগন্ধিৰ অলেখ ফুল ।
ওৰে ৰাতি জ্বলি থাকিল
অনুৰাগীৰ প্ৰেমেৰে ভৰা পবিত্ৰতাৰ সহস্ৰ প্ৰদীপ।
ভক্তিৰসে আলোড়িত হ’ল অন্তিম থলী।
শ্মশান বেদী পৰিণত হ’ল পবিত্ৰ তীৰ্থস্থানলৈ।
পথৰ দাঁতিত ৰৈ ৰৈ বিনালে হাজাৰ জুবিন প্ৰেমীয়ে।
সেউজ প্ৰকৃতি সাক্ষী হৈ ৰ’ল এটি মানৱ সত্ত্বাৰ।
