‘দেৱদাস’– এক অসমাপ্ত প্ৰেম গাথা অনুবাদিকা নিবেদিতা শইকীয়াৰ সাৰ্থক অনুবাদ – যুগান্ত দাস

(গ্ৰন্থ সমালোচনা)

‘দেৱদাস’– এক অসমাপ্ত প্ৰেম গাথা অনুবাদিকা নিবেদিতা শইকীয়াৰ সাৰ্থক অনুবাদ

যুগান্ত দাস
ভৱানীপুৰ

অসমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ পৰম্পৰা বহু পুৰণি । অনুবাদ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি ৰাখিছে । ইংৰাজী , বাংলা আদি ভাষাৰ কালজয়ী সাহিত্য ( গল্প , কবিতা, উপন্যাস ) অসমীয়া ভাষালৈ অনুদিত হৈছে । প্ৰাক শঙ্কৰী যুগতে মাধৱ কণ্ডলিয়ে সংস্কৃত ৰামায়ণ খন অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যত অনুবাদ সাহিত্যৰ সূচনা কৰিছিল । মাধৱ কণ্ডলিয়ে ৰামায়ণ খন অসমীয়া ভাষালৈ অনুবাদ কৰোতে য’তে সুবিধা পাইছে তাতেই অসমীয়া সমাজ জীৱনৰ চিত্ৰ দাঙি ধৰি ইয়াক জনগণৰ অধিক মনোগ্ৰাহী কৰি তুলিছে । অসমীয়া‌ ফকৰা যোজনা , পটন্তৰ আদিৰ ব্যৱহাৰে আৰু অধিক ওচৰ চপাই নিছে ।

শঙ্কৰী যুগৰ‌ সাহিত্যও অনুবাদ প্ৰধান । সেই সময়ৰ অনুবাদ সাহিত্যৰ‌ মূল আধাৰ আছিল সংস্কৃত ভাষাত ৰচিত শ্ৰীমদ্ভাগৱত‌ , পুৰাণ , হৰিবংশ, মহাভাৰত. , ৰামায়ণ আদি ধৰ্মগ্ৰন্থ সমূহ । মহাপুৰুষ মাধৱদেৱ ৰচিত অসমীয়া ভাষা সাহিত্যৰ আপুৰুগীয়া সম্পদ ‘নামঘোষা’ৰ বেছিভাগই সংস্কৃত শ্লোকৰ অনুবাদ । অকল শঙ্কৰী যুগেই নহয় শঙ্কৰোত্তৰ যুগৰ সাহিত্যও অনুবাদ প্ৰধান সাহিত্য ।

মিচনেৰী সকলৰ প্ৰচেষ্টাত অসমীয়া সাহিত্যই এক নতুন মাত্ৰা লাভ কৰে । ১৮৪৬ চনত শিবসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা মিছনেৰী সকলৰ প্ৰচেষ্টাত প্ৰথমখন‌ অসমীয়া ভাষাৰ সংবাদপত্ৰ বা আলোচনী ‘অৰণোদই’ প্ৰকাশ হয় । ‘অৰুণোদয়ে’ অসমীয়া সাহিত্যলৈ আধুনিক সাহিত্যৰ সোঁত বোঁৱাই আনে । দেশ‌ বিদেশৰ বা বাতৰিৰ লগতে ইংৰাজী আদি ভাষাত ৰচিত কালজয়ী সাহিত্যৰ অনুবাদ কৰি অসমৰ মানুহক সাহিত্যৰ এক নতুন সোৱাদ দিয়ে ।

ভাৰতীয় সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে ‘দেৱদাস’। বাংলা সাহিত্যৰ জনপ্ৰিয় ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ এক কালজয়ী সৃষ্টি । দেৱদাস আৰু পাৰোৰ প্ৰেম কহিনীয়ে এই উপন্যাসৰ মূল উপজীব্য । দেৱদাস আৰু পাৰোৰ প্ৰেম কাহিনীৰ বৰ্ণনাৰ সমান্তৰালকৈ সেই সময়ৰ সমাজ জীৱনৰো প্ৰতিফলন ঘটিছে উপন্যাস খনত । বহু চৰ্চিত এই উপন্যাসখনকলৈ ইতিমধ্যে চলচিত্ৰ ও নিৰ্মাণ কৰা হৈছে ।

অনুবাদ এক ধৰণৰ আভিজাত্য ৰচনাশৈলী । অকল‌ মূলৰ শব্দবোৰৰ ভাষান্তৰ কৰিলেই সফল অনুবাদ নহয়। পুনঃসৃজন শৈলীৰ জৰিয়তেহে এক উন্নত অনুবাদ সাহিত্যৰ সৃষ্টি হয় । গতানুগতিক বাক্যৰ ভাষান্তৰে পাঠকক ৰসাস্বাদন দিব নোৱাৰে । অনুবাদ কৰোতাৰ মূল ভাষা আৰু অনুদিত ভাষাৰ ওপৰত বিশেষ দক্ষতা থকা অতিকৈ বাঞ্চনীয় । মূল ৰচনাক হৃদয়ংগম কৰিব পাৰিলে অনুবাদ সাৰ্থক হয় । এক কথাত ক’বলৈ‌ গ’লে অনুবাদ এক গভীৰ তথা তাত্বিক সাহিত্য কলা ।

নগাঁওৰ কবি তথা অনুবাদিকা নিবেদিতা শইকীয়াই শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ধ্ৰুপদী উপন্যাস ‘দেৱদাস’ অনুবাদ কৰি অসমীয়া অনুবাদ সাহিত্যক সমৃদ্ধিশালী কৰি‌‌ তুলিলে । অনুবাদিকাৰ‌ অনুবাদ খুবেই মসৃণ । অনুবাদিকাৰ অনুবাদ মূলৰ হুবহু অনুবাদ‌ যদিও নিজৰ সৃষ্টিশীল মনৰো প্ৰকাশ‌ ঘটা দেখা‌ যায় ।‌ অনুবাদ কৰোতে মূলত থকা নাটকীয়তাৰ তিল মানো হেৰফেৰ হ’ব দিয়া নাই । অনুবাদিকাৰ অনুবাদ‌ ইমানেই মনোগ্ৰাহী‌ হৈছে যে ই অতি সহজেই পাঠকক মোহিত কৰিব পাৰিব । যদিও বাংলা ভাষাৰ এখন‌ কালজয়ী উপন্যাসৰ অনুবাদ ‘দেৱদাস’ , কিন্তু পঢ়িলে এনে লাগে এয়া যেন অনুবাদিকাৰ নিজা সৃষ্টিহে । বৰ্ণনাত এখন চিনাকী জগত পৰিস্ফুত হৈ উঠা দেখা যায় । —–

“চৌফলীয়া ৰ’দেৰে ভৰা ব’হাগৰ. ভৰ দুপৰীয়া । গৰমে সীমা চেৰাই গৈছে । ”
উপন্যাসৰ নায়ক দেৱদাসৰ মনৰ ভিতৰত চলা অন্তঃদন্দক অনুবাদিকাই নিখুঁত ভাবেই উপস্থাপন কৰিছে । মূলত যেনেদৰে বৰ্ণিত হৈছে অনুবাদততো সেই একেই বৰ্ণনা ফুটাই তুলিবলৈ সক্ষম । ৰচনাশৈলীত ক’তো অনুবাদিকাই উজুতি খাব লগা হোৱা নাই । নায়িকা পাৰোৰ উপস্থাপনতো হীন দেৰি হোৱা নাই মূলৰ । পাৰোৰ অন্তৰত চলি থকা বিষাদৰ ধুমুহাজাকৰ বৰ্ণনা মূলত যেনেদৰে বৰ্ণিত হৈ‌ অনুবাদিকাইও তেনেদৰেই ৰাখিছে । —” পাৰ্বতীয়ে অন্যমনস্কভাবে হাতৰ বালা ঘুৰাই ঘুৰাই ক’লে, ” এবাৰ ভৰিৰ ধূলা শিৰত ল’ম । আজি যামগৈ নহয়। “

” ‘কিন্তু আশাহীনৰ কথা সুকীয়া । আশাহীনৰ দুখ নাই , উৎকণ্ঠা নাই, অথচ তৃপ্তি আছে । চকুৰ পৰা পানীও সৰে গভীৰতাও আছে — কিন্তু সদায় নতুন ভাৱে মৰ্মস্থলত আঘাত নকৰে । চঞ্চল মেঘৰ দৰে মন যেনি তেনি ভাঁহি ফুৰে । য’ত বতাহ নালাগে তাত থমকি ৰয় । বতাহ লাগিলে সেই ঠাইৰ পৰা আঁতৰি যায় । তন্ময় মনে উদ্বেগহীন চিন্তাত সাৰ্থকতা লাভ কৰে‌। পাৰ্বতীৰো আজিকালি ঠিক তেনেকুৱাই হৈছে । ” এই কথাখিনিয়ে অনুবাদিকাৰ সাৱলীল‌ বৰ্ণন‌ কুশলতাৰ চানেকী দাঙি ধৰে । মূল পাঠৰ এনে‌ সাৱলীল আৰু হুবহু বৰ্ণনা দাঙি ধৰা সহজ নহয়। ইয়াতেই ফুটি উঠিছে অনুবাদিকাৰ দুয়োটা ভাষাৰ ওপৰত থকা‌ দক্ষতা । সুযোগ বুজি অসমীয়া ফকৰা যোজনাৰ প্ৰয়োগ কৰি অনুবাদিকাই তেওঁৰ অনুবাদক অসমীয়া পাঠকৰ ওচৰ চপাই নিছে ।

যদিও ‘দেৱদাস’ নিবেদিতা শইকীয়াৰ অনুবাদ গ্ৰন্থ তথাপিও কিন্তু অনুবাদিকাৰ কল্পনাপ্ৰৱণ মনৰ উমান পোৱা যায়। বহু ক্ষেত্ৰত অনুবাদিকা উপন্যাসৰ চৰিত্ৰৰ লগত সংপৃক্ত হৈ পৰা দেখা যায় , যি উপন্যাসখনৰ অনুবাদক আকৰ্ষণীয় কৰি তোলাত সহায় কৰিছে । ভাব ,ভাষাৰ উপযুক্ত সংম্ৰিশ্ৰণেৰে অনুবাদিকাৰ অনুবাদ সমৃদ্ধ ।