দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এছপি সন্মিলন

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এছপি সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা- দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত  দুদিনীয়াকৈ ৰাজ্যৰ  জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ অংশগ্রহণেৰে অনুষ্ঠিত হৈছে আৰক্ষী অধীক্ষক সন্মিলন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অধ্যক্ষতাত পুলিচ একাডেমীৰ কনফাৰেঞ্চ হ’লত সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনখনত আৰক্ষীৰ কৌশলগত দিশ শক্তিশালীকৰণ, আইন-শৃংখলা অটুট ৰখা আৰু জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি অধিক সজাগ হোৱা আদি কাৰ্যসূচীত শক্তিশালী কৰা বিষয়সমূহে গুৰুত্ব লাভ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ বক্তব্যত জনমুখী আৰক্ষী ব্যৱস্থাই সুৰক্ষিত সমাজৰ অন্যতম আধাৰ বুলি মন্তব্য কৰে। উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ বাবে অধিক সুৰক্ষিত কৰি গঢ়ি তোলাৰ লগতে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰক্ষী অধীক্ষক সন্মিলনৰ পাছতেই পুলিচ একাডেমী কনফাৰেঞ্চ হলত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। এই কেবিনেট বৈঠক সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকক কয় যে এই কেবিনেট তেনে এখন কেবিনেট নহয় যে যিখন জিলা সদৰত হয়। যোৰহাটত যিহেতু দলৰ এখন সভা আছে আৰু এই সভাত প্রায় সকলো মন্ত্রী-বিধায়ক উপস্থিত থাকিব, গতিকে তাৰ লগত সংগতি ৰাখি কেবিনেট বৈঠকখন দেৰগাঁৱত অনুষ্ঠিত হ’ব।সন্মিলনখনত প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলেও অংশগ্ৰহণ কৰে। সন্মিলনখনত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিট সিং, মুখ্য সচিব ড° ৰবিকোটা, আৰক্ষী একাডেমীৰ সঞ্চালক দিগন্ত বৰা আদিও উপস্থিত থাকে।