দেৰগাঁৱৰ বাপুজী মন্দিৰত জাতীয় চেতনা দিৱস উদযাপন
মৃদুস্মিতা শৰ্মা,দেৰগাঁৱ,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত লেখিকা সমাৰোহ সমিতিৰ দেৰগাঁও শাখাৰ সহযোগত ‘দেৰগাঁৱৰ বাপুজী মন্দিৰ প্ৰাংগণত কুঞ্জ হাজৰিকা সোঁৱৰণী মঞ্চত ২০ছেপ্তেম্বৰত দ্বাবিংশতিতম বার্ষিক জাতীয় চেতনা দিৱস উদযাপন কৰা হয় । পুৱা মুখ্য দ্বাৰ মুকলি কৰে সমাজসেৱিকা দেৱযানী মহন্তই । পতাকা উত্তোলন অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূবর্ণ শইকীয়া বৰদলৈয়ে আৰু দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে সভানেত্ৰী ৰেণু বৰাই । ইয়াৰ পাছতে শ্রদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত প্ৰতিষ্ঠাপক সভানেত্রী পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ প্রতিচ্ছবিত বস্তি প্রজ্বলন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী স্নিগ্ধাৰাণী গগৈয়ে । শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন কৰে কবিতা ৰাজগুৰুৱে। ইয়াৰ পাছতে দ্বাবিংশতিতম জাতীয় চেতনা দিৱসৰ বস্তি প্ৰজ্বলন কৰা হয়। চেতনা দিৱস উপলক্ষে যুগুতাই উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্রভাত চন্দ্ৰ মহন্তই। দিনৰ ১১বজাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখন উদ্বোধন কৰে সদৌ লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা স্বর্ণ বৰুৱা গগৈয়ে। দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ৰেণু বৰাই আদৰণী ভাষণ আগবঢ়োৱা সভাত নির্বাচিত অসমীয়া উপন্যাসত স্বাধীনতা সংগ্রাম আৰু সংগ্ৰামী শীর্ষক বক্তৃতা আগবঢ়ায় মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ সচিব, বিশিষ্ট লেখিকা ড° মালিনীয়ে আৰু একে অনুষ্ঠানতে গোলাঘাট জিলাৰ স্বাধীনতা সংগ্রামী আৰু নৱপ্ৰজন্মৰ জাতীয় চেতনাবোধ শীর্ষক বক্তৃতা আগবঢ়ায় ছাত্রী যাজ্ঞত্রী চুতীয়াই। সদৌ অসম ছাত্ৰ সম্ভাৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী, জ্যেষ্ঠ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা, জাহ্নবী খাওন্দ, বিশিষ্ট সমাজকর্মী প্রদীপ খাদৰীয়া প্ৰমুখ্যে কৰি অসমৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থকা সভাখনত লখিমপুৰ জিলাৰ স্বাধীনতা সংগ্রামী ১০৬ বছৰীয়া বর্ষীয়ান মহিলা স্নেহলতা মজুমদাৰ আৰু গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমাজসেবিকা অনুৰূপা হাজৰিকাক শ্বহীদ কনকলতা বঁটা প্ৰদান কৰা হয়। সভাতে কেইবাখনো গ্রন্থ ক্রমে লেখিকা অৱনী বৰঠাকুৰৰ কথা মালিকা’ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীণা ঠাকুৰ বেজবৰুৱাই। লেখিকা অনিমা দেৱী বৰঠাকুৰৰ সম্পাদনাৰে দেবগঞা অগ্রণী ব্যক্তিৰ জীৱন গাথা ‘আলোকৰ যাত্ৰী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ড° থুনু কলিতাই। মুক্তিযোদ্ধা দেৱেশ্বৰী হাজৰিকাৰ জীৱনৰ বিষয়ত ময়ূৰী বৰাৰ তেজস্বিনী উন্মোচন কৰে সাহিত্যিক সুৰেন্দ্ৰ মোহন হাজৰিকা আৰু দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্তই। অনুষ্ঠানতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব তথা লেখিকা ইন্দ্ৰাণী লস্কৰৰ দুখন অনুবাদ গ্ৰন্থ ‘বন্দুক দ্বীপ’ আৰু ‘ছায়া ৰেখা’ উন্মোচন কৰে সাহিত্যিক নুৰুল চুলতানে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মনোমতী কুমিয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বিচিত্র ভূষণ কলিতা, অৰুণ বিকাশ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷