দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাচিত বৰফুকন পুলিচ একাডেমীৰ আনুষ্ঠানিকভাৱে উদ্বোধন আৰু আৱাসিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে আগন্তুক ৫ বছৰত সমগ্ৰ দেশৰ সকলো পুলিচ একাডেমীৰ ভিতৰত লাচিত বৰফুকন পুলিচ একাডেমীয়ে প্রথম স্থান লাভ কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ কয়, মই ৭ বছৰ বয়সত লাচিত বৰফুকনৰ ব্যক্তিত্বৰ বিষয়ে পঢ়িছিলো ৷ কিন্তু গ্ৰেজুৱেচন কৰালৈকে চৰকাৰী এখনো কিতাপত তেখেতৰ বিষয়ে উল্লেখ নাই । বীৰযোদ্ধা আৰু কিংবদন্তি লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে অসমক জয়ৰ দিশে আগুৱাই নিছিল। এসময়ত লাচিত বৰফুকনৰ বীৰত্বৰ গাথা অসমত সীমাবদ্ধ আছিল যদিও মোদী চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি তেওঁৰ জীৱনী ২৩টা ভাষালৈ অনুবাদ হৈ সমগ্র দেশৰ পুথিভঁৰালসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ হৈছে। সমগ্ৰ ৰাষ্ট্ৰই অসমৰ এইগৰাকী মহান পুত্ৰৰ বিষয়ে জ্ঞাত হোৱা আৰু প্ৰেৰণা লাভ কৰাটো নিশ্চিতকৰণৰ অর্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্রশংসা কৰে। তেওঁ লগতে কয় যে আজি লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ৰূপত সিঁচা বীজ এদিন এজোপা বটবৃক্ষত পৰিণত হ’ব আৰু সমগ্র দেশতে পুলিচিঙৰ কামত সেৱা আগবঢ়াব। কেবল অসমৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও এয়া হ’ব এপেক্স পুলিচ একাডেমী, তীর্থস্থানসমূহৰ মাজত কাশীৰ দৰেই ই উজলি উঠিব। এই প্রতিষ্ঠান অঞ্চলটোৰ শান্তিৰ বাবে এক নতুন আৰম্ভণি হৈ পৰিব। ১৬৭কোটি টকা ব্যয়সাপেক্ষে লাচিত বৰফুকন একাডেমীৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূর্ণ গৈ উঠিছে আৰু তিনিওটা পর্যায়ত মুঠ ১,০৫০ কোটি টকা ব্যয় কৰা হ’ব। এই একাডেমী একাধিক অত্যাধুনিক সা-সুবিধাৰে সজ্জিত আৰু সমগ্ৰ দেশৰ ভিতৰত শ্রেষ্ঠ আৰক্ষী একাডেমী হিচাপে পৰিগণিত হ’ব। পূৰ্বে অসম আৰক্ষীৰ বিষয়া-জোৱানে প্রশিক্ষণৰ বাবে আন ৰাজ্যনৈ যাবলগীয়া হৈছিল। কিন্তু যোৱা ৮ বছৰত ৰাজ্য প্ৰশাসনৰ অধীনত এনে এক ৰূপান্তৰ ঘটিছে যে এতিয়া গোৱা আৰু মণিপুৰৰ ২,০০০ আৰক্ষী জোৱানে এই আৰক্ষী একাডেমীত প্রশিক্ষণ গ্রহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেইবাখনো শন্তি চুক্তি স্বাক্ষৰিত হৈছে। ২০২০ত বড়ো চুক্তি, ২০২১ত কার্বি চুক্তি, ২০২২ত জনজাতীয় শক্তি চুক্তি আৰু ২০২৩ত আলফা, অসম-মেঘালয় আৰু অসম-অৰুণাচল চুক্তি স্বাক্ষৰিত হৈছিল। মোদী চৰকাৰে কৰা এই শান্তি চুক্তিসমূহৰ ফলশ্ৰুতিত ১০,০০০ৰো অধিক যুৱকে অস্ত্র-শস্ত্র সম্বৰণেৰে মূলসুঁতিলৈ আহিছে। এসময়ত আন্দোলন, বিদ্রোহ, বন্দুকৰ যুঁজৰ বাবে পৰিচিত অসমত এতিয়া ২৭,০০০ কোটি টকা মূল্যৰ অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ ১০ বছৰীয়া আমোলত অসমে ১.২৭ লাখ কোটি টকাৰ ‘ডিভলুচন গ্রান্ট’ আৰু অনুদান লাভ কৰিছিল, যি পৰিমাণ প্রধানমন্ত্রী মোদীৰ আমোলত ১০ বছৰত চাৰিগুণ বৃদ্ধিৰে ৪.৯৫ লাখ কোটি টকা হৈছে। পূৰ্বৰ চৰকাৰসমূহে বহু বছৰ ধৰি অসমক অস্থিৰতাৰ মাজলৈ ঠেলি দিছিল, অনুদান আগবঢ়োৱা নাছিল, উপযুক্ত শিক্ষা ব্যৱস্থা স্থাপনত ব্যর্থ হৈছিল, আন্তঃগাঁথনি নির্মাণ কৰা নাছিল আৰু শান্তি বিৰাজ কৰিবলৈ দিয়া নাছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত আন্তঃগাঁথনিৰ বিকাশ সাধন হৈছে, শান্তিয়ে বিৰাজ কৰিছে আৰু ভিন্ন উদ্যোগ স্থাপন হৈছে। তেওঁ মোদী চৰকাৰে ৰাজ্যখনত ৰূপায়ণ কৰা কেইবাটাও প্রকল্পৰ কথা উল্লেখ কৰে। ইয়াৰ মাজত আছে ২০০ কিলোমিটাৰৰো অধিক দৈর্ঘ্য আৰু ১০,০০০ কোটি টকা মূল্যৰ ভাৰতমালা প্রকল্প, ৩,০০০ কোটি টকা মূল্যৰ ধুবুৰী-ফুলবাৰী দলং, ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষে ৩,৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামীণ পথ আৰু ফ’ৰ-লেনিঙৰ শিলচৰ-চৰাইবাৰী কৰিড’ৰ। ইয়াৰ উপৰি তেওঁ মাজুলীত ১,০০০ কোটি টকাৰ নতুন মথাউৰি আৰু পথ নিৰ্মাণৰ কাম অব্যাহত থকাৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে ব্ৰহ্মহ্মপুত্ৰৰ ওপৰত এখন ছয়লেনযুক্ত দলং নিৰ্মাণৰ কাম অব্যাহত আছে আৰু ৩৮২ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫-কেয়ে মাজুলী আৰু যোৰহাটক সংযোগ কৰিব। লগতে তেওঁ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ১,১০০ কোটি টকা ব্যয়সাপেক্ষে সম্প্ৰসাৰণ, ৯,০০০ কোটি টকা মূল্যৰ ৰে’ল প্ৰকল্পৰাজিব উদ্বোধন, ১,০০০ কোটি টকাৰ এইমছ প্রকল্প, তামুলপুৰ, কোকৰাঝাৰ নলবাৰী আৰু ধুবুৰীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে আন একাধিক আন্তঃগাঁথনি প্রকল্প স্থাপনৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী শাহে কয় যে মোদী চৰকাৰ আৰু অসম চৰকাৰে ইয়াৰ দৰিদ্ৰ লোকসকলৰ বাবে একাধিক কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰথমবাৰৰ বাবে ৫৮ লাখ গৃহস্থীলৈ টেপৰ পানীৰ সংযোগ আগবঢ়োৱা হৈছে, ১.৮ কোটি লোকলৈ ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ৪৩ লাখ ঘৰত শৌচাগাৰ স্থাপন কৰা হৈছে। ২.৩২ কোটি দৰিদ্ৰ লোকক প্রতিমাহে ৫ কিলোগ্রামকৈ বিনামূলীয়া চাউল যোগান ধৰা হৈছে লগতে মোদী চৰকাৰ আৰু অসম চৰকাৰে ৫১ লাখ গেছৰ চিলিণ্ডাৰ আৰু ২১ লাখ ঘৰো প্ৰদান – কৰিছে। মোদী চৰকাৰে অসমত কেৱল শান্তি আনিবলৈ প্রচেষ্টা গ্রহণেই নহয়, বৰঞ্চ সফলতাৰে ইয়াক প্রতিষ্ঠাও কৰিছে। অসমত আন্তঃগাঁথনি নিৰ্মাণ কৰিছে আৰু এতিয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। ৰাজ্যখনলৈ ৫ লাখ কোটি টকাৰ বিনিয়োগৰ আগমন ঘটিছে। যিয়ে অসমৰ যুৱক-যুৱতীসকলৰ এটি সোণালী ভবিষ্যতৰ ভেটি স্থাপন কৰিব। অসমত অপৰাধী দোষী সাব্যস্তকৰণৰ হাৰ ৫ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে। পূর্বে জনতাই এফআইআৰ দাখিল কৰিব নুখুজিছিল, কিয়নো আৰক্ষীক কেৱল সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজ প্রদানত ব্যস্ত থকা দেখিছিল। কিন্তু আজি আৰক্ষীয়ে নাগৰিকৰ অধিকাৰ সুৰক্ষিতকৰণ আৰু প্রধানমন্ত্রী। মোদীয়ে প্ৰৱৰ্তন কৰা তিনি নতুন ফৌজদাৰী আইনৰ ফলপ্ৰসু ৰূপায়ণত মনোনিবেশ কৰা বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, জাহাজ, বন্দৰ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, কৃষিমন্ত্রী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিত্তমন্ত্রী অজন্তা নেওগ, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা, শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, ভবেন্দ্র নাথ ভৰালী, বিশ্বজিৎ ফুকনৰ উপৰি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, ইন্টেজিজেঞ্চ ব্যুৰ’ৰ সঞ্চালক তপন কুমাৰ ডেকা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিং, অসম প্রদেশ বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।