দেৰগাঁৱত এইবাৰ বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বর্তমান অগপৰ দখলত থকা দেৰগাঁৱত এইবাৰ বিজেপিয়ে নিজা প্রার্থী দিব। আগন্তুক বিধানসভা নির্বাচনত খুমটাই বিধানসভা নির্বাচনত বিজেপি মিত্রজোটৰ প্রার্থী মৃণাল শইকীয়া হ’ব বুলি খুমটাইৰ নৰাগাঁৱত ঘোষণা কৰি সমষ্টিটোত একাকাৰ নিৰ্বাচনৰ ৰণশিঙা বজালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।গোলাঘাট জিলাৰ খুমটাইত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দেৰগাঁও সমষ্টিত এইবাৰ বিজেপিয়ে নির্বাচন খেলাটো এশ শতাংশ নিশ্চিত। যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া সমষ্টিটো অগপক এৰি দিয়া হৈছিল, তেতিয়া সমষ্টিটোৰ বিজেপি কর্মীসকলে অহাবাৰ সমষ্টিটো বিজেপিক এৰি দিয়াৰ প্ৰতিশ্ৰুতি তেওঁৰ পৰা আদায় কৰি লৈছে। সেই প্রতিশ্রুতি অনুসৰি এইবাৰ দেৰগাঁৱত বিজেপিয়ে নির্বাচন খেলিব। দেৰগাঁও সমষ্টিটোত যিহেতু বিজেপিৰ বিধায়ক নাছিল বা নাই সেয়া স্বাভাৱিকতে সমষ্টিটোত নতুন মুখেই প্রার্থিত্ব লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অগপই যদি সমষ্টিটোত নির্বাচন খেলিব বিচাৰে, তেতিয়াহ’লে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিব পাৰে। অগপই বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিলেও আমি বেয়া নাপাওঁ। আমাৰ মিলামিছা যেনেদৰে আছে, তেনেদৰে থাকিব। সেইদৰে খুমটাই সমষ্টিত আসন্ন নির্বাচনত বিজেপিৰ বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ ইংগিত দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে খুমটাইত আন কোনেও বিজেপিৰ প্ৰাৰ্থিত্ব বিচৰা নাই। ইয়াত প্রার্থিত্ব বিচৰা বেলেগ মানুহ নাই। মুখ্যমন্ত্রী ড° শৰ্মাৰ এই ভাষ্যই মৃণাল শইকীয়াই খুমটাইত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত কৰিছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত দুঘণ্টাজোৰা বৈঠকৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আমি দুঘণ্টা আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ কথাই পাতিছোঁ। নিৰ্বাচনৰ আগে আগে কি কি কৰিব লাগিব, কেনেকৈ আগুৱাই যাব লাগিব, সেই বিষয়ে আলোচনা কৰা হৈছে। সেইদৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, মন্ত্রী কোন হ’ব সেই বিষয়ে পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ। মোৰ লক্ষ্য হৈছে অসমৰ বাবে কাম কৰা আৰু অসমখন আগুৱাই লৈ যোৱা। বৰ্তমান আমাৰ আটাইৰে লক্ষ্য হৈছে নির্বাচনত বিজেপি বিজয়ী হোৱা। কোন মুখ্যমন্ত্রী হ’ব, কোন মন্ত্রী হ’ব এইবিলাক আমি পিছে-পৰেও আলোচনা কৰি থাকিব পাৰিম।
