দেহ মন ফাগুন ফাগুন লাগে
জ্যোৎস্না ৰানী বেগম, পাঞ্জাবাৰী
পদূলিমুখৰ জপনা খুলি গান এটি হৈ
সোমাই আহিল ৰঙীন ফাগুন
মোৰ ভাল লগা ৰং টোৰ নামেই হ’ল ফাগুন
ফাগুনৰ পছোৱাই আউল লগালে
মোৰ মৰীচিকা খেদা সপোন
প্ৰাংশু পলাশে শুনাই যায় প্ৰেমৰ
ঐক্যটান
আধা বন্ধা খোপাত প্ৰেমৰ কবিতা
উঠন বুকুত সোমাই আহিল কৃষ্ণচূড়া
আৰু এটা বলিয়া প্ৰেমিকৰ গীত
বাউলী বতাহত সুৰ হৈ বাজি উঠিল
হৃদয় জুৰোৱা গীত
আৰু পিন্ধি আহে ধুলিয়াৰি সাজ
পলাশ শিমলু মদাৰ ৰঙেৰে তাইৰ
মন দাপোণত ফাগুন ফুলিল
ঊহ
কিযে মাদকতা ফাগুনৰ
কোন ঋতুৰ আগত নো মনৰ কথা
ক’ব পাৰিম
তোক মই ভাল পাওঁ বুলি
আহ্
তোৰ আগমনে মোৰ ভটিয়াই নিয়ে
বয়স ৰঙীন সপোন
তোৰ সুৱাসত কৃষ্ণচূড়াই আবেগ ঢালে
তই হৈ আহ মোৰ কলিজাত ৰুন জুন এটি গীতৰ লহৰ
নাচনীজনী হৈ ঢোল- পেঁপা লগত আহে
সৰা পাতৰ বিননি গুচাই
দেহ-মন ফাগুন ফাগুন লাগে।