দেশ-বিদেশৰ ধৰ্মীয় গ্ৰন্থসমূহত লক্ষ্মীদেৱীৰ বৰ্ণাঢ্য ৰূপ – নাছিৰ আহমেদ

দেশ-বিদেশৰ ধৰ্মীয় গ্ৰন্থসমূহত লক্ষ্মীদেৱীৰ বৰ্ণাঢ্য ৰূপ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
দেশ-বিদেশৰ ধৰ্মীয় গ্ৰন্থসমূহত  লক্ষ্মীদেৱীক বৰ্ণাঢ্য ৰূপত বৰ্ণনা কৰা হৈছে। লক্ষ্মীদেৱী  প্ৰাক-বৌদ্ধ যুগৰ পৰাই হিন্দু ঐতিহ্যৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু হিন্দু ধৰ্মাৱলম্বীৰ ভিতৰত আটাইতকৈ বেছি ব্যাপকভাবে পূজিত দেৱীসকলৰ ভিতৰত অন্যতম।
প্ৰায় ১০০০ খৃষ্টপূৰ্বাব্দৰ প্ৰতিলিপিকৃত অৰ্থব্ব বেদৰ বৰ্ণনাত লক্ষ্মীদেৱী বহুবচনাৰ্থে  এটি জটিল ৰূপে বিকশিত হৈছে।একশ লাখ লক্ষ্মী মাথোঁ এটি নশ্বৰ দেহৰ মাজেৰে আৱিৰ্ভাৱ হৈছে। তাৰে কিছুমান ভাল, পুণ্য আৰু শুভ, অন্যান্য বেয়া,পাপী ( অশুভ )আৰু দুৰ্ভাগ্যজনক। ভালক স্বাগত জনোৱা হয়, বেয়াক বিদায় ল’বলৈ আহ্বান জনোৱা  হয়। লক্ষ্মীৰ ধাৰণা ও চেতনা আৰু ভাগ্য ও মঙ্গলৰ লগত গভীৰ সম্পৰ্ক সংপৃক্ত হৈ আছে ; যি অৰ্থব্ব বেদৰ বিভিন্ন গ্ৰন্থত উল্লেখ আছে। উদাহৰণ স্বৰূপে পুণ্য লক্ষ্মী হিচাপে, লক্ষ্মী মঙ্গল হিচাপে অৰ্থব্ব বেদৰ বিভিন্ন গ্ৰন্থত, পৰৱৰ্তী ভাগ্যৰ দেৱী হিচাপে ; যাক শ্ৰীৰ লগত চিহ্নিত হৈছে বা বিষ্ণুৰ পত্নী হিচাপেও উল্লেখ আছে।
শতপথ ব্ৰাহ্মণৰ ৮০০ খৃষ্টপূৰ্বাব্দৰ পৰা ৩০০ খৃষ্টপূৰ্বাব্দৰ ভিতৰত ৰচিত গ্ৰন্থসমূহত শ্ৰী( লক্ষ্মী) মহাবিশ্বৰ তত্ত্ব সম্পৰ্কে পুৰণি ভাৰতৰ বহুত তত্ত্বৰ এটি অংশ। শতপথ ব্ৰাহ্মণৰ এখন গ্ৰন্থত  উল্লেখ আছে যে, মহাবিশ্বৰ জীৱন আৰু প্ৰকৃতিৰ  ওপৰত গভীৰ ধ্যানৰ পিছত  প্ৰজাপতিৰ জৰিয়তে শ্ৰী আৱিৰ্ভূত হয়। জন্মৰ সময়ত শ্ৰীক অপৰিমেয় শক্তি আৰু ক্ষমতাৰ অধিকাৰী এক উজ্জ্বল আৰু কম্পিত নাৰী ৰূপে বৰ্ণনা কৰা হৈছে। দেৱতাসকলে শ্ৰীৰ ( লক্ষ্মী)   অপৰিমেয় শক্তি , ক্ষমতা,প্ৰতিভা আৰু শ্ৰীক ( লক্ষ্মীক)উপহাৰ হিচাপে কামনা পূৰণ কৰিবলৈ প্ৰজাপতিৰ ওচৰত আবেদন জনায় ; প্ৰয়োজন সাপেক্ষে শ্ৰীক অৰ্থাৎ লক্ষ্মীক হত্যা কৰি হ’লেও শ্ৰীৰ অপৰিমেয় শক্তি, ক্ষমতা আৰু প্ৰতিভাক উপহাৰ হিচাপে পাবলৈ  দেৱতাসকল উদ্বাউল হৈ পৰে।  প্ৰজাপতিয়ে দেৱতাসকলক জনায় যে, এই গৰাকী নাৰীক হত্যা নকৰিও তেওঁলোকে এনে উপহাৰ পাবলৈ সক্ষম হ’ব পাৰে। তেতিয়া দেৱতাসকলে লক্ষ্মীক সাক্ষাৎ কৰাত লক্ষ্মীয়ে অগ্নিক অন্ন ,  সোমক ৰাজকীয় কৰ্তৃত্ব, বৰুণক সাম্ৰাজ্যৰ  কৰ্তৃত্ব, ইন্দ্ৰক শক্তি, মিত্ৰক যুদ্ধ শক্তি, বৃহস্পতিক পুৰোহিতৰ কৰ্তৃত্ব, সৰস্বতীক পুষ্টি আৰু ত্বশাত্ৰি, পুষনক প্ৰতাপ, সাবিত্ৰীক  ৰাজত্ব দান কৰে।
এইভাৱে শতপথ ব্ৰাহ্মণৰ বিভিন্ন স্তোত্ৰত শ্ৰীক (লক্ষ্মীক) অপৰিমেয় শক্তি আৰু ক্ষমতাৰ অধিকাৰী হিচাপে গণ্য কৰা হৈছে।
মহাকাব্য মহাভাৰতত লক্ষ্মীক  ধন, সুখ, সম্পদ,সমৃদ্ধি, কৰুণা,প্ৰেম ,কবজ আৰু জাকজমকতা হিচাপে নিৰ্ণয় কৰিছে। মহাকাব্য ৰামায়ণত মহাবিশ্বৰ সৃষ্টি তত্ত্ব সম্পৰ্কে উল্লেখ কৰিবলৈ গৈ বৰ্ণিত হৈছে যে, অমৃতৰ সন্ধানত দেৱতা আৰু অসুৰ সকলে দুগ্ধ বা ক্ষীৰ  সাগৰত মন্থন কৰোঁতে ফেনাৰ সৈতে অন্যান্য মূল্যৱান সম্পদৰ লগত লক্ষ্মীয়ো হাতত পদুম ফুল লৈ প্ৰকাশিত হয়। হাতত পদুম ফুল লৈ প্ৰকাশিত হোৱাৰ বাবে লক্ষ্মীৰ আন এটি নাম পদ্মা। ৰামায়ণৰ সীতাদেৱীক লক্ষ্মী আৰু ৰামক বিষ্ণুৰ অৱতাৰ হিচাপে উল্লেখ আছে। আৰু মহাভাৰতৰ দ্ৰৌপদীক শ্ৰীৰ আংশিক অৱতাৰ বুলি কোৱা হয়। আনহাতে লক্ষ্মীক হিন্দুৰ দেৱতা শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণীৰ অৱতাৰ হিচাপেও ভৱা হয়।
শাক্ত উপনিষদ সমূহত দেৱী- লক্ষ্মী, সৰস্বতী আৰু পাৰ্বতী ত্ৰিদেৱীক উৎসৰ্গ কৰা হৈছে। সৌভাগ্যলক্ষ্মী -উপনিষদত লক্ষ্মীৰ ক্ষমতা, বৈশিষ্ট্য আৰু গুণাৱলীৰ বৰ্ণনা আছে।
হিন্দু ধৰ্মৰ অসংখ্য স্তোত্ৰ আৰু শ্লোকত উৎসৰ্গিতকৃত লক্ষ্মীৰ স্তোত্ৰ পাঠ কৰে। ভাৰতৰ প্ৰাচীন পুৰাণত লক্ষ্মীক প্ৰধান দেৱী হিচাপে উল্লেখ কৰি ভাৰতৰ সকলো নাৰী দেৱী লক্ষ্মী হিচাপে সম্বোধন কৰা হৈছে। এটি লক্ষ্মীৰ স্তোত্ৰত কোৱা হৈছে –
”  প্ৰতিটি মহিলা আপোনাৰ মূৰ্ত প্ৰকাশ
আপুনি সিহঁতৰ সৰু কালত শিশু হিচাপে,
যৌৱন কালছোৱাত যুৱতী হিচাপে আৰু বৃদ্ধ বয়সত বৃদ্ধা হিচাপে বিৰাজমান। “
বিষ্ণু পুৰাণত লক্ষ্মীক বিভিন্ন বিশিষ্ট ৰূপত বৰ্ণনা কৰা হৈছে। বিভিন্ন বিভাগৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে চিহ্নিত কৰা হৈছে।বিশেষকৈ লক্ষ্মীক ” শ্ৰী” ৰূপেও বিষ্ণু পুৰাণত অংকিত কৰিছে।   লক্ষ্মী, সৰস্বতী আৰু পাৰ্বতী সহ ভাৰতৰ বিস্তৃত ভাৱে সুভাষিতা, জিনোমিক আৰু  উপদেশমূলক সাহিত্যৰ এটি শাখা ।
এইবোৰ প্ৰথম শতাব্দীৰ পৰা ষোড়শ শতাব্দীলৈকে সংস্কৃত ভাষাত কবিতা, প্ৰবচন,যুগল বা এফ্যোৰিজিমবোৰ নিৰ্দিষ্ট মিটাৰত লিখা। সেইবোৰ কেতিয়াবা  বিষ্ণু আৰু লক্ষ্মীৰ মাজত বিভিন্ন কথোপকথনৰ ৰূপ লয়। কেতিয়াবা লক্ষ্মীৰ জৰিয়তে মহাভাৰতৰ পৰা বেদৰ আধ্যাত্মিক দৰ্শনৰ নৈতিক মেক্সিমৰ ৰূপ পায়। তদুপৰি এইবোৰত দেশৰ ৰাজনীতি, সমাজনীতি আৰু নৈতিকতা সম্পৰ্কে বিষয়বস্তু দাঙি ধৰি লক্ষ্মীক সাধাৰণ নাৰী চৰিত্ৰ হিচাপে দেখুওৱা হৈছে।  হিন্দু ধৰ্মৰ প্ৰাচীন স্তোত্ৰ আৰু শ্লোকত লক্ষ্মীদেৱীক বিভিন্ন উপাধিৰে বিভূষিত কৰি আবৃত্তি কৰে। যেনে– শ্ৰী ,পদ্মা, কমলা, পদ্মপ্ৰিয়া, পদ্মমালাধৰা দেৱী,পদ্ম হস্ত, পদ্ম মুখী, পদ্মাৱতী ,পদ্মী, বৈষ্ণৱী, নাৰায়ণী, শ্ৰীজা,নন্দিতা, ললিতা ইত্যাদি।
শ্ৰী শব্দৰ মূৰ্ত ৰূপ — গৌৰৱ, উচ্চ আৰু শুভ ; প্ৰায়শই ৰাজত্বৰ লগত যুক্ত।
পৰৱৰ্তী বৈদিক যুগৰ” শ্ৰী সুক্তম” ত লক্ষ্মীক দেৱীৰ ৰূপত ক্ৰমে বিকশিত হোৱা পৰিলক্ষিত হৈছে।
মহাভাৰতৰ শেষৰ পিনে আনুমানিক ৪০০ খৃষ্টপূৰ্বাব্দৰ ভিতৰত লক্ষ্মীৰ বিশেষ ভাৱে গুৰুত্ব বাঢ়ি যায়। এই যুগত বিষ্ণু দেৱতাৰ পত্নী লক্ষ্মীক হিন্দুৰ আদৰ্শ স্ত্ৰী ৰূপে গণ্য কৰা হয় ; য’ত স্বামীৰ প্ৰতি লক্ষ্মীৰ পতিব্ৰতা,সতীত্ব আৰু ভক্তিভাৱ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিষ্ণু দেৱতাই অৱতাৰ ৰূপে পৃথিৱীত অৱতৰণ কৰাৰ সময়ত লক্ষ্মীয়ে সহযোগী হিচাপে  অৱতাৰী পুৰুষ ৰাম বা কৃষ্ণৰ সহধৰ্মিণী সীতা, ৰাধা বা ৰুক্মীণীৰ অৱতাৰ হিচাপেও উল্লেখ আছে।
এই যুগতেই লক্ষ্মী-বিষ্ণু হিচাপে বৈষ্ণৱ ধৰ্মৰ এটি বিশিষ্ট ৰূপতো লক্ষ্মীক দেখা যায়। বিশেষ ভাৱে ৰক্ষক বিষ্ণু দেৱতা যেতিয়া পৃথিৱীত অৱতৰণ কৰে, তেতিয়া লক্ষ্মীয়ে বিষ্ণু দেৱতাৰ সহযাত্ৰী হিচাপে অৱতৰণ কৰি কেৱল সহধৰ্মিনী পৰম সত্তা হিচাপেই নহয়, ঐশ্বৰিক শক্তি ৰূপে বিষ্ণু অৱতাৰৰ সৃষ্টি,ৰক্ষণ আৰু ৰূপান্তৰৰ ক্ষেত্ৰত সহধৰ্মিণী হিচাপে বিষ্ণু অৱতাৰক সহায় কৰে।‌
গৰুড় পুৰাণত লক্ষ্মীক প্ৰকৃতি ( মহালক্ষ্মী) হিচাপে শ্ৰী,ভু আৰু দুৰ্গা এই তিনিটা ৰূপত ; অৰ্থাৎ সাত্তিক ৰাজসিক আৰু তামসিক এই তিনি গুণৰ সমাহাৰ ৰূপে দেখুওৱা হৈছে। দুৰ্গা ৰূপে লক্ষ্মীয়ে অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল।
স্কন্ধ পুৰাণৰ লক্ষ্মী তন্ত্ৰ আৰু লক্ষ্মী সহস্ৰ নামত লক্ষ্মীক আদিম দেৱী ৰূপে অংকিত কৰা হৈছে। এই গ্ৰন্থসমূহত লক্ষ্মীক দুৰ্গাকে আদি কৰি মহাকালী, মহাসৰস্বতী, মহালক্ষ্মী আৰু দেৱতাৰ অসংখ্য ৰূপ মাতৃকা আৰু মহাবিদ্যাৰ পৰা উদ্ভূত হৈছে বুলি বৰ্ণনা কৰিছে। লক্ষ্মী তন্ত্ৰত দুৰ্গাই ইন্দ্ৰক জনায় যে, দুৰ্গামা নামৰ এজন অসুৰক বধ কৰাৰ বাবে তেওঁৰ নাম দুৰ্গা হৈছে।
নাৰদ পুৰাণত লক্ষ্মীক মহা শক্তিশালী ৰূপত দুৰ্গা, মহাকালী, মহালক্ষ্মী, চণ্ডী, আন্দ্ৰেয়, ভদ্ৰকালী, মহেশ্বৰী, বৈষ্ণৱী আদি হিচাপে উল্লেখ কৰা হৈছে।
গৰুড় পুৰাণ, পদ্ম পুৰাণ আৰু লিঙ্গ পুৰাণ মতে লক্ষ্মী দৈৱ ঋষি ভৃগু আৰু তেওঁৰ পত্নী ক্ষ্যাতিৰ কন্যা হিচাপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ নাম আছিল ভাৰ্গৱী। বিভিন্ন ধৰ্ম শাস্ত্ৰত লক্ষ্মীৰ চাৰিখন হাত যি ধৰ্ম অৰ্থ মোক্ষ আৰু কামৰ প্ৰতীক হিচাপে গণ্য হৈছে যদিও স্কন্ধ পুৰাণৰ লক্ষ্মী তন্ত্ৰ আৰু লক্ষ্মী সহস্ৰ নাম আৰু মাৰ্কেণ্ডয় পুৰাণত লক্ষ্মীৰ আঠাৰখন হাত থকা বুলি উল্লেখ কৰি প্ৰত্যেকখন হাতত ক্ৰমে জপমালা,কুঠাৰ, কলস,গদা,তীৰ,লাঠি, শক্তি, ঢাল, শঙ্খ,তৰোৱাল, মদৰ কাপ , ত্ৰিশূল,ফাঁচ, চাকতি আৰু গৰুড়ৰ ওপৰত বহি আছে সিংহ বা বাঘ বিৰাজমান।
জৈন ধৰ্মৰ গ্ৰন্থ কল্পসূত্ৰত লক্ষ্মীক অৰ্থ( সম্পদ) আৰু ‘কাম’ৰ( আনন্দ) দেৱী হিচাপে পৰিগণিত হৈছে।
বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহত লক্ষ্মীক প্ৰাচুৰ্য আৰু সৌভাগ্যৰ দেৱী হিচাপে পৰিগণিত হৈছে। চীনা বৌদ্ধ ধৰ্মত লক্ষ্মীক গংডেটিয়ান আলোচিত বা মেধাৱী দেৱতা, জিক্সিয়াং আলোকিত, শুভ দেৱী অৰ্থাৎ সৌভাগ্য আৰু সৌভাগ্যৰ দেৱী হিচাপে পৰিচিত।
জাপানী বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহ মতে লক্ষ্মী কিশিজোতেন (শুভ স্বৰ্গ) অৰ্থাৎ সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী। তিব্বতী বৌদ্ধধৰ্মৰ গ্ৰন্থত লক্ষ্মীক এটি বিশিষ্ট ৰূপত শান্তিপূৰ্ণ আৰু ক্ৰৌধপূৰ্ণ ৰূপে দেখুওৱা হৈছে। বালি দ্বীপত লক্ষ্মী উৰ্বৰা শক্তিৰ প্ৰতীক হিচাপে গণ্য হৈছে।
এনেদৰে দেশ-বিদেশৰ ধৰ্মীয় গ্ৰন্থসমূহত লক্ষ্মীক বৰ্ণাঢ্য ৰূপত বৰ্ণনা কৰা হৈছে।