দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে আমি প্ৰতিটো মূহূৰ্তত সমৰ্পিত আৰু সংকল্পবদ্ধ- দিলীপ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টি আৰু বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত মানচিৰি, বালিপাৰা, ফুলোগুৰী, ফুলবাৰী জিলা পৰিষদ আৰু ঠেলামৰা,বৰগাওঁ,বিহগুৰি জিলা পৰিষদৰ NDA প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ অৰ্থে অনুষ্ঠিত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অংশগ্ৰহণ কৰি উপস্থিত সহস্ৰাধিক উন্নয়নকামী জনতাক সম্বোধন কৰে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকশিত ভাৰত আৰু দেশৰ অন্যতম উন্নত ৰাজ্যৰূপে অসমখনক গঢ় দিয়াৰ সংকল্প আগত ৰাখি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ বাবে সমৰ্পিতভাৱে কাম কৰি আহিছে বুলি শইকীয়াই কয়। লগতে তেওঁ কয় যে আমাৰ দলৰ চৰকাৰৰ দিনত ৰাজ্যৰ অন্য সমষ্টিৰ দৰে ৰঙাপৰা আৰু বৰছলা সমষ্টিৰো ব্যাপক উন্নয়ন সাধন হৈছে। ৰাজ্যখনৰ চাহ জনগোষ্ঠী, আদিবাসীসকলৰ লগতে প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰ, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে।’ ডা° সেয়েহে প্রগতি, উন্নয়ন আৰু সুৰক্ষাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট( NDA) ৰ সমৰ্থনত ভোটদান কৰি এখন সমৃদ্ধিশালী পঞ্চায়ত নিৰ্মাণৰ অংশীদাৰ হোৱাৰ বাবে সকলোকে আহ্বান তেওঁ জনায়।এই সভাত প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়াৰ সৈতে উপস্থিত থাকে সাংসদ তথা দলৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ৰঞ্জিত দত্ত, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা, বিধায়ক কৃষ্ণকমল তাঁতীসহ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল।