দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই

দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- “ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়াৰ পৰা ‘ভূমি সন্মান’ গ্রহণ কৰি মই সুখী আৰু আনন্দিত হৈছো । এই বঁটাই ৰাইজৰ প্ৰতি আন্তৰিকতা আৰু অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আমাক প্ৰেৰণা যোগাব”- এই মন্তব্য দৰং জিলাৰ উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ । যোৱা কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দৰং জিলাত ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডৰ্নাইজেশ্বন প্ৰগেমত (ডি আই এল আৰ এম পি) লাভ কৰা সফলতাৰ বাবে ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মুৰ পৰা ‘ভূমি সন্মান’ বঁটা গ্ৰহণ কৰি তেওঁ এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে । জিলা তথ্য আৰু জনসংযোগ বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই অনুষ্ঠানত দেশৰ ৯ গৰাকী ৰাজ্যিক সচিব আৰু ৬৮ গৰাকী উপায়ুক্ত/জিলা কালেক্টৰক এই বঁটা প্ৰদান কৰে । বঁটা গ্ৰহণৰ সময়ত দৰং জিলাৰ উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেৰ সৈতে জিলাখনৰ উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা আৰু সহকাৰী আয়ুক্ত ইহছানুল হুছেইনো উপস্থিত আছিল । উল্লেখ্য যে ডি আই এল আৰ এম পিৰ মেনেজমেণ্ট ইনফৰমেশ্বন চিষ্টেমত প্ৰতিফলিত তথ্য আৰু দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই বছৰৰ পৰা আৰম্ভ কৰা এই ভূমি সন্মানৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ ৯ গৰাকী ৰাজ্যিক সচিব আৰু ৬৮ গৰাকী উপায়ুক্ত/জিলা কালেক্টৰক নিৰ্বাচিত কৰা হৈছে ।বিজ্ঞান ভৱনত ‘ভূমি সন্মান’ বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তীৰাজ ৰাজ্যিক মন্ত্ৰী কপিল মোৰেশ্বৰ পাটিল , কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী ফগ্গন সিং কুলস্তে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ প্ৰধান আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশী, ভূমিলেখ্য আৰু জৰীপ অধিকৰ্ত্তা শান্তনু গোটমাৰে আৰু অতিৰিক্ত ভূমিলেখ্য অধিকৰ্ত্তা নৱজিৎ পাঠকে অংশগ্ৰহণ কৰে । অসমৰ একমাত্ৰ দৰং জিলাই এই বঁটা ৰ বাবে নিৰ্বাচিত হোৱাত আজিৰ দিনটো জিলাবাসীৰ বাবে গৌৰৱৰ দিন হিচাপে চিহ্নিত হৈছে।