দেশৰ ৰাজনীতি সলনি আৰু গণতন্ত্র শক্তিশালী কৰিবলৈ বিকল্প ৰাজনীতি ASAP ত যোগদান কৰিবলৈ অসমৰ সকলো ছাত্র-ছাত্রীকে আহ্বান ডাঃ ভবেন চৌধুৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পার্টী (আপ) ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেশত বিকল্প ৰাজনীতিৰ প্ৰসাৰৰ বাবে আৰু ভাৰতীয় ৰাজনীতিত দেশৰ ছাত্র-ছাত্রীক আগুৱাই নি তেওঁলোকৰ সমস্যা উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে ‘এছ’চিয়েচন অৱ “স্টুডেন্টছ ফৰ অল্টাৰনেটিভ পলিটিক্স’ চমুকৈ ‘ASAP’ নামৰ নতুন ছাত্র সংগঠন। দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো ৰাজ্যিক সমিতিয়ে ইয়াৰ তৎপৰতা আৰম্ভ কৰিছে। এক প্ৰেছ বার্তযোগে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে শিক্ষার্থীসকলক প্রত্যক্ষ ৰাজনীতিলৈ অনা আৰু পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তে বিকল্প ৰাজনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে আম আদমি পার্টীয়ে এই নতুন সংগঠনটোৰ জন্ম দিলে বুলি উল্লেখ কৰে। আজি দেশত মূলসুঁতিৰ ৰাজনীতি নহয় বিকল্প ৰাজনীতিৰ প্ৰয়োজন। দেশৰ ৮ কোটি যুৱক-যুৱতীৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জনাই তুলি ভাৰতক শ্রেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ‘ASAP’ য়ে কাম কৰিব বুলি ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়ে। বিবৃতিটোৰ দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীৱ শইকীয়াই কয় যে অনাগত দিনবোৰত আমি অসমৰ সকলো শিক্ষানুষ্ঠান সমূহত বিভিন্ন অভিযাম চলাম, যাতে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আমাৰ সৈতে যোগদান কৰি বিকল্প ৰাজনীতি আগুৱাই লৈ যায়। ছাত্র-ছাত্রী, যুৱক-যুৱতীয়ে হ’ল দেশৰ ভৱিষ্যৎ, তেওঁলোকে সিদ্ধান্ত ল’ব দেশখন কোন দিশলৈ যাব, সেয়েহে ‘আপ’ৰ ছাত্ৰ শাখাতকৈ উত্তম মঞ্চ থাকিব নোৱাৰে বুলি সম্পাদক ৰাজীৱ শইকীয়াই উল্লেখ কৰে।