দেশৰ ৫ জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সময় ৰাইনাৰ শ্ব’ ইণ্ডিয়াজ গট লেটেণ্ট ( indias got latent) বিতৰ্কৰ মাজত সোমাই পৰিছে। শেহতীয়াকৈ এটা খণ্ডত ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া, আশীষ চাঞ্চলানী, যশপ্ৰীত সিং আৰু অপুৰ্বাক দেখা গৈছিল। এই খণ্ডটো কৰা আপত্তিজনক কিছু মন্তব্যৰ পাছতে এতিয়া বিপদত পৰিছে শ্ব’টোৰ বিচাৰকসকল। এই খণ্ডটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে শ্ব’টোক লৈ আৰম্ভ হৈছে বিতৰ্ক আৰু ৰুজু হৈছে এটাৰ পাছত আনটো গোচৰ। অসম আৰক্ষীয়েও এই সন্দৰ্ভত ৫জন ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট কৰি ৫ জন ইউটিউবাৰ আশীষ চাঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মাখিজা, সময় ৰাইনা, ৰণবীৰ এলাহাবাদীয়াৰ লগতে আনসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি সদৰি কৰে।মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে, আজি গুৱাহাটী আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত কৰাৰ বাবে কেইজনমান ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁলোক ক্ৰমে আশীষ চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা ৷” মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়, “গুৱাহাটী অপৰাধ শাখাই Cyber PS case no 03/2025 under sections – 79/95/294/296 of BNS 2023 read with Sec 67 of IT Act, 2000, read with Section 4/7 of Cinematograph Act 1952 read with Section 4/6 of Indecent Representation of Women (Prohibition) Act, 1986 ৰ অধীনত এই গোচৰ ৰুজু কৰে ৷”