দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ বি আৰ গাভাইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ গাভাইক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় । তেওঁ দেশৰ শীৰ্ষ ন্যায়ালয়ৰ মুখ্য পদত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ স্থলাভিষিক্ত হয় ।হিন্দী ভাষাত শপত গ্ৰহণ কৰে ভূষণ ৰামকৃষ্ণ গাভাই । গাভাৰ কাৰ্যকাল ৬ মাহৰ হ’ব । তেওঁ ২০২৫ চনৰ ২৩ নৱেম্বৰ তাৰিখে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিব । ন্যায়াধীশ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ন্যায়াধীশ গাভাইৰ পৰিয়ালৰ সদস্যবৃন্দ, পূৰ্বৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল উপস্থিত থাকে।১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাৱতীত জন্মগ্রহণ কৰিছিল গাভায়ে। নিজৰ শৈশৱ বস্তি অঞ্চলত কটাইছিল গাভায়ে। ১৯৮৫ চনত বোম্বাই উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰা গাভায়ে ২০০৩ চনত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হৈছিল।