দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত ক’ভিড ভেকচিন প্ৰদানৰ হাৰ ৫০ শতাংশতকৈও কম

Pc- Reuters

দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত ক’ভিড ভেকচিন প্ৰদানৰ হাৰ ৫০ শতাংশতকৈও কম

ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি ক্ষিপ্রতৰ কৰি তোলা হৈছে ক’ভিড-১৯ টিকাকৰণ অভিযান। এশ কোটিৰ অধিক ভেকচিন ড’জ প্ৰদানেৰে বিশ্ব অভিলেখ গঢ়িছে ভাৰতে। আনফালে, এই সময়তেই দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত ক’ভিড ভেকচিন প্ৰদানৰ হাৰ ৫০ শতাংশতকৈও কম। ক’ভিড-১৯ টিকাকৰণক লৈ ভার্চুৱেলযোগে অনুষ্ঠিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠকত প্ৰকাশ পোৱা এক তথ্য অনুসৰি, দেশৰ ১২খন ৰাজ্যৰ ৪৫খন জিলাত টিকাকৰণৰ হাৰ ৫০ শতাংশতকৈ কম। উল্লেখযোগ্য এই ৪৫খন জিলাৰ ভিতৰত ২৮ খনেই উত্তৰ-পূৰ্বাঞ্চলৰ। অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাও আছে ইয়াৰ ভিতৰত। আন ৰাজ্যৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৬খন জিলা, মণিপুৰৰ ৮খন জিলা, মেঘালয়ৰ ৪খন জিলা, মিজোৰামৰ ১খন জিলা আৰু নাগালেণ্ডৰ ৮খন জিলা আছে। আনপিনে ৫০ শতাংশতকৈ কম টিকাকৰণ হোৱা জিলাৰ ভিতৰত ছত্তিশগড়ৰ এখন জিলা, দিল্লীৰ এখন জিলা, হাৰিয়ানাৰ এখন জিলা, ঝাৰখণ্ডৰ ৮খন জিলা, মহাৰাষ্ট্ৰৰ ৫খন জিলা আৰু তামিলনাডুৰ এখন জিলা আছে। ক’ভিড -১৯ টিকাকৰণ ভার্চুৱেল পৰ্যালোচনা বৈঠকত অংশ লৈ দেশবাসীক সতর্কবাণী শুনায় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ টিকাকৰণ অভিযান লেহেমীয়া হোৱা তথা ক’ভিড -১৯ টিকাকৰণ ৫০ শতাংশতকৈ কম হোৱা ১২ ৰাজ্যৰ ৪৫ জিলাৰ মুৰব্বী তথা জিলা দণ্ডাধীশৰে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রী মোদীয়ে দেশবাসীক সতৰ্ক কৰি দি কয়- এশ কোটি ক’ভিড টিকাকৰণ কৰাৰ পাছত যদি আমি শিথিল হওঁ, তেতিয়াহ’লে এটা নতুন সংকট আহিব পাৰে।