দেশৰ সাংসদসকলৰ দৰমহা বৃদ্ধি,বাঢ়িল দৈনিক ভাট্টা-পেন্সনো
ৰঙিলী বাৰ্ত্তাসেৱা- বৃদ্ধি পালে সাংসদসকলৰ দৰমহা । ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পালে সাংসদসকলৰ পেঞ্চন আৰু দৈনিক ভাট্টাও । কেন্দ্ৰীয় চৰকাৰে এই অধিসূচনা জাৰি কৰিছে। জীৱন যাপনৰ ব্যয় আৰু মুদ্রাস্ফীতি বৃদ্ধি হোৱাৰ কাৰণেই সাংসদৰ দৰমহা বৃদ্ধিত সংসদীয় কমিটীয়ে অনুমোদন জনোৱাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে সাংসদৰ মাহিলি দৰমহা, দৈনিক ভাট্টা আৰু পেন্সন বৃদ্ধিৰ অধিসূচনা জাৰি কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এই সিদ্ধান্ত ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা বলৱৎ হ’ব। নতুন দৰমহাৰ নিৰিখ অনুসৰি সাংসদে বর্তমানে লাভ কৰি থকা মাহিলি দৰমহা ১ লাখ টকাৰ পৰিৱৰ্তে ১ লাখ ২৪ হাজাৰ টকা লাভ কৰিব। ঠিক তেনেদৰে দৈনিক ভাট্টা দুই হাজাৰৰ পৰা আঢ়ৈ হাজাৰ আৰু মাহিলি পেন্সন ২৫ হাজাৰৰ পৰা ৩১ হাজাৰলৈ বৃদ্ধি কৰা হৈছে। সাংসদৰ পেন্সন বৃদ্ধি কৰাৰ বাবেই দেশজুৰি কেইবাশ সাংসদৰ পেন্সনৰ ধন বৃদ্ধি পাব। সাংসদৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তক বিৰোধী দলৰ নেতায়ো আদৰণি জনাইছে। অৱশ্যে একাংশই এনে সিদ্ধান্তত বৃহৎ স্বচ্ছতা আৰু ৰাজহুৱা নিৰীক্ষণৰ ব্যৱস্থা থাকিব লাগিছিল বুলিও মন্তব্য কৰিছে। যি সময়ত চৰকাৰে ঋণৰ বোজা কঢ়িয়াবলগীয়া হৈছে সেই সময়ত সাংসদৰ দৰমহা বৃদ্ধিক লৈ প্ৰতিক্রিয়াৰো সৃষ্টি হৈছে।