দেশৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বিকশিত ৰাজ্য অসম

দেশৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বিকশিত ৰাজ্য অসম

ৰঙিলী বাৰ্ত্তাসেৱা- অনন্য গৌৰৱৰ অধিকাৰী হৈছে অসম ।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ অর্থনীতিয়ে এক নতুন মাত্রা লাভ কৰিছে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদূৰপ্ৰসাৰী পৰিকল্পনা আৰু অভিন্ন দৃষ্টিকোণৰ পৰিণতিত ৰাজ্যখনে বিগত পাঁচ বছৰত ভাৰতৰ সৰ্বাধিক দ্রুতগতিত বৃদ্ধি পোৱা ৰাজ্যিক অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া প্রতিবেদনৰ তথ্যত এই কথা প্ৰকাশ হৈছে । ৰিজার্ভবেংকে প্রকাশ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ আটাইতকৈ দ্রুত বিকশিত ৰাজ্য ৰূপে অসম চিহ্নিত হৈছে। উল্লেখ্য যে, ভাৰতৰ অৰ্থনৈতিক প্রগতিয়ে ইতিমধ্যে গোলকীয় অর্থনীতিত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এই অর্থনৈতিক প্রগতি দেশখনৰ কেৱল কেইখনমান ৰাজ্যতে সীমাবদ্ধ নহয়। যোৱা ৫টা বছৰত বিভিন্ন ৰাজ্যই উল্লেখযোগ্য বৃদ্ধি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এনে অগ্রগতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰাজ্যসমূহৰ ভিতৰত অসমো আছে। সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ বাবে আন এক অনন্য গৌৰৱৰ বাতৰি । ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ বিকাশৰ হাৰ ৪৫%, যি ৰাষ্ট্ৰীয় গড় ২৯%তকৈ বহু ওপৰত। স্থিৰ মূল্যত আমাৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP)ৰ এই বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অৰ্থনীতিৰ ৰূপ পাইছে। অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগী ৰূপায়ণৰ দিশত ই এক শুভ বাৰ্তা। অসমৰ সৰ্বস্তৰৰ জনগণৰ কঠোৰ পৰিশ্ৰম এই বৃদ্ধিৰ সক্ৰিয় অংশীদাৰ। অসমক দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ এখন হিচাপে গঢ়াৰ দিশত আমাৰ প্ৰয়াস অব্যাহত থাকিব।” ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য মতে, ২০১৯-২০ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত কেইবাখনো ৰাজ্যৰ অর্থনীতিয়ে ব্যাপক বৃদ্ধি দেখুৱাবলৈ সক্ষম হৈছে। এই ৰাজ্যসমূহৰ এনে অগ্রগতিয়ে দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাইছে। তথ্যই দেখুওৱা মতে, অসমে ৪৫ শতাংশ বৃদ্ধিৰ সম্প্ৰসাৰলৈ ১০খন দ্রুতভাৱে বিকশিত ডাঙৰ ৰাজ্যৰ অৰ্থনীতিয়ে ৰাষ্ট্ৰীয় বৃদ্ধিৰ গড় ২৯ শতাংশও চেৰ পেলাইছে। ভাৰতৰ এই বিকশিত ৰাজ্যসমূহৰ তালিকাত মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ দৰে ৰাজ্যসমূহ আছে। তাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে দেশৰ বাকী ৰাজ্যসমূহৰ তুলনাত যোৱা পাঁচটা বছৰত অসমৰ অৰ্থনীতি দ্রুতগতিত বৃদ্ধি পাইছে। দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত এই ৰাজ্যখনৰ যোগদান সর্বাধিক। স্থিৰ মূল্য আধাৰিত মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ ওপৰত আৰবিআই তথ্যৰ পৰা জানিব পৰা মতে ২০২০ৰ পৰা ২০২৫ বৰ্ষৰ ভিতৰত অসমৰ অর্থনীতি ৪৫ শতাংশলৈ সম্প্রসাৰিত হৈছে, যিটো আন ৰাজ্যৰ তুলনাত বহু বেছি। এই হাৰ দেশৰ সামগ্রিক অর্থনৈতিক বিকাশৰ হাৰতকৈ অধিক। অসমৰ জিএছডিপি ২০২০ বিত্তীয় বৰ্ষৰ ২.৫ লাখ কোটি টকাৰ পৰা বাঢ়ি ২০২৫ বিত্তীয় বর্ষত ৩.৫ লাখ কোটি টকা হৈছেগৈ। ৰাজ্যখনৰ অৰ্থনীতি প্রাথমিকভাবে কৃষি, তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বর্ধিত বিনিয়োগে ইয়াত অতিৰিক্ত সহায় কৰিছে। দেশখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ এই বৃদ্ধিয়ে এক বৃহৎ পৰিৱৰ্তনৰ দিশ দেখুৱাইছে। ইয়াৰ পৰা এইটো দেখিবলৈ পোৱা গৈছে যে এতিয়া ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ কেৱল কেইটামান খণ্ডতেই সীমিত নহয়, বৰং ইয়াৰ বিকাশে অন্য বহুতো ৰাজ্যকে পিছ পেলাই গৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাষ্ট্ৰীয় পৰ্যায়ত ২০২০ চনত ভাৰতৰ জিডিপি ১৪৫.৩৫ লাখ কোটি টকাৰ পৰা বাঢ়ি ২০২৫ বিত্তীয় বর্ষত ১৮৭.৯৭ লাখ কোটি টকা হৈছেগৈ। এই পাঁচটা বছৰত বৃদ্ধিৰ হাৰ হৈছেগৈ ২৯ শতাংশ। আৰবিআয়ে প্রকাশ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে যে দ্রুত বিকাশমান এই ৰাজ্য ১০খনৰ অর্থ ব্যৱস্থাই ৰাষ্ট্ৰীয় বৃদ্ধিত প্রভূত অৰিহণা যোগাইছে। ৰাজ্যসমূহৰ বৃদ্ধিৰ তালিকাত শীর্ষস্থান দখল কৰা অসমৰ পিছতে ৩৯ শতাংশ বৃদ্ধিৰে দ্বিতীয় স্থানত আছে তামিলনাডু। ৰাজ্যখনত যোৱা ৫ বছৰত জিএছডিপি ১২.৪ লাখ কোটি টকাৰ পৰা বৃদ্ধি পাই ১৭.৩ কোটি টকা হৈছেগৈ। তাৰ পিছতে ৩৬ শতাংশ বৃদ্ধিৰে তৃতীয় স্থানত আছে কর্ণাটক। ৰাজ্যখনৰ জিএছডিপি বৃদ্ধি পাইছে ১১.৫ লাখ কোটি টকাৰ পৰা ১৫.৭ লাখ কোটি টকালৈ। ইফালে অসমৰ অর্থনৈতিক বিকাশক লৈ ভাৰতীয় ৰিজার্ভবেংকে প্ৰকাশ কৰা তথ্য সন্দৰ্ভত সামাজিক মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ ইয়াক অসমৰ বাবে আন এক অনন্য গৌৰৱৰ বাতৰি বুলি মন্তব্য কৰে। সামাজিক মাধ্যমত প্রকাশ কৰা এটা পোষ্টত তেওঁ কয় যে ভাৰতীয় ৰিজার্ভ বেংকৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ বিকাশৰ হাৰ ৪৫ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ২৯ শতাংশতকৈ বহু ওপৰত। স্থিৰ মূল্যত আমাৰ সামগ্রিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ এই বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অর্থনীতিৰ ৰূপ পাইছে। অসমক দেশৰ ৫খন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগীক ৰূপায়ণৰ দিশত ই এক শুভ বার্তা। অসমৰ সৰ্বস্তৰৰ জনগণৰ কঠোৰ পৰিশ্ৰম এই বৃদ্ধিৰ সক্রিয় অংশীদাৰ। অসমক দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ এখন হিচাপে গঢ়াৰ দিশত আমাৰ প্ৰয়াস অব্যাহত থাকিব।