দেশৰ ভিতৰতে নেটগ্ৰীড ব্যৱহাৰ কৰা শীর্ষ ৫ ৰাজ্যত অসম

দেশৰ ভিতৰতে নেটগ্ৰীড ব্যৱহাৰ কৰা শীর্ষ ৫ ৰাজ্যত অসম

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক অধিক সুনিশ্চিত কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে উদ্ভাৱন কৰা নেচনেল ইন্টেলিজেঞ্চ গ্রীড(নেটগ্ৰীড)ৰ তথ্য-প্রযুক্তি ব্যৱহাৰত শীর্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে। কেন্দ্র-ৰাজ্য চৰকাৰৰ সকলো মন্ত্রালয়-বিভাগৰ তথ্য একত্ৰীকৰণৰ উমৈহতীয়া মঞ্চ হৈছে নেটগ্রীড। ইয়াৰ দ্বাৰা দেশৰ সকলো নিৰাপত্তা সংস্থাৰ লগতে ৰাজ্য চৰকাৰসমূহৰ আৰক্ষী বিভাগে তথ্য ব্যৱহাৰ কৰি যিকোনো জটিল অপৰাধ গোচৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় ল’ব পাৰে। শেহতীয়াকৈ দেশৰ সকলো ৰাজ্যৰ আৰক্ষীৰ ভিতৰত কৰা এক সমীক্ষাত ৫খন শীর্ষ ৰাজ্যৰ ভিতৰত অসম আৰক্ষীয়ে স্থান লাভ কৰি আইন-শৃংখলাজনিত ক্ষেত্রখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰি উলিওৱা নেটগ্রীড সমাধান সন্দৰ্ভত অসম আৰক্ষীৰ ৰাজ্যিক ন’ডেল বিষয়া তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্রসাদ গুপ্তাই এইক্ষেত্ৰত কয় যে ৰাজ্যৰ আৰক্ষী বিভাগসমূহক যিকোনো অপৰাধ সমাধানৰ ক্ষেত্ৰত সহায় কৰাৰ বাবেই নেচনেল ইন্টেলিজেঞ্চ গ্রীড(নেটগ্ৰীড)ৰ সূচনা কৰা হৈছিল। সাধাৰণ মানুহ তথা আৰক্ষীৰ বহু বিষয়াৰ বাবে এই এপ্লিকেচনটো নতুন যদিও অসম আৰক্ষীয়ে এই ইয়াৰ দ্বাৰা বহু গুৰুত্বপূৰ্ণ গোচৰ সমাধান কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যিক ন’ডেল বিষয়া গুপ্তাই কয় যে নেটগ্রীড হৈছে চৰকাৰী সকলো বিভাগৰ তথ্য আদান-প্ৰদানৰ এক মঞ্চ। বুদ্ধিমত্তাৰ প্ৰয়োগেৰে নিৰ্মাণ কৰা এই মঞ্চৰ জৰিয়তে সকলো চৰকাৰী বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্যসমূহ সহজলভ্য কৰাৰ ক্ষেত্ৰত সহায় কৰা হয়। অৱশ্যে গুৰুত্বপূৰ্ণ এই এপ্লিকেচনটো সাধাৰণ মানুহৰ বাবে উপলব্ধ নহয়। কর্তৃত্বশীল নিৰাপত্তা সংস্থা অথবা আৰক্ষীৰ বিষয়াইহে এই এপ্লিকেচনৰ সহায় ল’ব পাৰে। নির্দিষ্ট পাছৱৰ্ড তথা আন আনুষংগিক তথ্য প্রদানেৰে এই এপ্লিকেচনটোত প্রৱেশ কৰি কর্তৃত্বশীল বিষয়াজনে প্রয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰে। এইক্ষেত্ৰত উদাহৰণ হিচাপে তেওঁ কয় যে বিভিন্ন অপৰাধত বহু সময়ত যান-বাহনৰ গতি-বিধি তথা ম’বাইল নম্বৰৰ জৰিয়তে অপৰাধীৰ সবিশেষ তথ্যৰ প্ৰয়োজন আৰক্ষীক হয়। তেতিয়াই সংশ্লিষ্ট আৰক্ষী বিষয়াজনে নেটগ্ৰীডৰ সহায়ত উক্ত তথ্যসমূহ সংগ্ৰহ কৰিব পাৰে। যিহেতুকে নেটগ্ৰীডৰ সৈতে চৰকাৰী পৰিবহণ বিভাগ অথবা সকলো ম’বাইল কোম্পানীৰ ডাটাবেছ জড়িত হৈ থাকে, গতিকে যান-বাহনৰ গতি-বিধিয়েই হওক বা ম’বাইল নম্বৰৰ জৰিয়তেই সন্দেহজনক লোকজনৰ সবিশেষেই হওক সকলোখিনি আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰে। অৱশ্যে নেটগ্রীডত তথ্যসমূহ সংৰক্ষিত নাথাকে যদিও নির্দিষ্ট ম’বাইল কোম্পানী অথবা যিকোনো ৰাজ্যৰ পৰিবহণ বিভাগৰ সৈতে প্রত্যক্ষভাবে তদন্তকাৰী আৰক্ষীয়ে বিচৰা তথ্যখিনিৰ বিষয়ে প্রশ্ন উত্থাপন কৰি সেয়া সংগ্ৰহ কৰিব পাৰে। যিহেতুকে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ অধীনত নেটগ্রীড পৰিচালিত হয়, গতিকে যিকোনো চৰকাৰী বিভাগ অথবা বেচৰকাৰী সংস্থাই হওক, তদন্তৰ খাতিৰত নিৰাপত্তা সংস্থাক সকলো তথ্য নেটগ্ৰীডৰ মাধ্যমেৰে দিবলৈ দায়বদ্ধ। অসম আৰক্ষীয়ে শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে এই নেটগ্রীড এপ্লিকেচন ব্যৱহাৰ কৰি বহু গুৰুত্বপূৰ্ণ অপৰাধজনিত গোচৰ সমাধান কৰিবলৈ সক্ষম হৈছে। আন চাৰিখন ৰাজ্য ক্রমে অন্ধ্র প্রদেশ, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰৰ লগতে অসম আৰক্ষীয়ে নেটগ্ৰীডত এনেধৰণৰ বহু প্রশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে অসম আৰক্ষীৰ অধীনত ৰাজ্যৰ প্ৰতিখন জিলা আৰক্ষীক নেটগ্ৰীড সমাধান ব্যৱহাৰৰ কর্তৃত্ব দিয়া হৈছে। এক অর্থত প্রতিখন জিলাৰ আৰক্ষীৰ মাজত নেটগ্ৰীড সমাধান সুন্দৰভাৱে প্ৰণয়ন কৰাত অসম আৰক্ষী সফল হৈছে। যিহেতুকে নেটগ্রীডত সকলোখিনি স্বয়ংক্রিয়ভাবে আপলোড হৈ থাকে গতিকে বিগত ছমাহত উক্ত ৫খন ৰাজ্য নেটগ্ৰীড ব্যৱহাৰত অন্যতম সফল ৰূপে বিবেচিত হৈছে।  অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা লাভ কৰা এই অন্যতম স্বীকৃতিৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই এই কথা সদৰী কৰি অসম আৰক্ষী পৰিয়ালক উষ্ম অভিনন্দন জনাই কয় যে অসমে শান্তি নিশ্চিত কৰিবলৈ ইতিমধ্যে লোৱা নৱতম সমাধানসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগত আছে। জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্রত নেটগ্রীড সমাধান ব্যৱহাৰত অসমে শীর্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে আত্মপ্রকাশ কৰিছে।