দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে চি পি ৰাধাকৃষ্ণনে
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ কৰোৱায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, প্রাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, এছ জয়শংকৰ, ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাৰ উপস্থিতিত এনডিএৰ প্রার্থী হিচাপে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰা ৰাধাকৃষ্ণনে আনুষ্ঠানিকভাৱে উপ-ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নির্বাচনত এনডিএৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰি বিৰোধী প্রার্থী বি সুদর্শন ৰেড্ডীক পৰাজিত কৰি দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হয়।