দেশৰ গৃহমন্ত্ৰী হিচাপে অভিলেখ গঢ়িলে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা-ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব নিৰ্বাহ কৰাৰ অভিলেখ লিপিবদ্ধ হৈছে অমিত শ্বাহৰ নামত । গৃহমন্ত্রী হিচাপে ২,২৫৮ দিন অতিক্ৰম কৰাৰ লগে লগে দেশৰ সবাতোকৈ দীর্ঘসময় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰীৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ গঢ়িলে অমিত শ্বাহে। প্রাক্তন গৃহমন্ত্রী তথা বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানিৰ গৃহমন্ত্রী হিচাপে ৬ বছৰ ৬৪ দিন কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ অতিক্ৰম কৰি গৃহমন্ত্রী অমিত শ্বাহে ৬ বছৰ ৬৫ দিন কার্যনির্বাহ সম্পূর্ণ কৰিলে। ২০১৯ চনৰ ৩০ মে’ত গৃহমন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰা অমিত শ্বাহে ২০২৫ চনৰ ৪ আগষ্টত গৃহমন্ত্রী হিচাপে ২,২৫৮ দিন অতিক্ৰম কৰে।ইপিনে ১৯৯৮ চনৰ ১৯ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈকে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানিয়ে গৃহমন্ত্রী হিচাপে ২,২৫৬ দিন কাৰ্যনিৰ্বাহ কৰি দীৰ্ঘসময় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ অভিলেখ গঢ়িছিল। এই অভিলেখ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ভংগ কৰে। উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ ২০১৯ চনৰ ৩০ মে’ত অমিত শ্বাহে গৃহমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত মোদীৰ তৃতীয়টো কার্যকালতো একেই পদবীত দায়িত্ব গ্ৰহণ কৰে। লক্ষণীয় যে দেশৰ গৃহমন্ত্রী হিচাপে গোবিন্দ বল্লভ পন্টে ৬ বছৰ ৫৬ দিন, ৰাজনাথ সিং ৫ বছৰ ৩ দিন, শংকৰ ৰাও চবন ৪ বছৰ ৩৩০ দিন, শিৱৰাজ পাটিল ৪ বছৰ ১৯০ দিন, পি চিদাম্বৰম ৩ বছৰ ২৪৪ দিন, যশৱন্ত ৰাও চৱন ৩ বছৰ ২৫৬ দিন, বুটা সিং ৩ বছৰ ২০৪ দিন, চৰ্দাৰ বল্লভভাই পেটেল ৩ বছৰ ১১৯ দিন, গুলজাৰিলাল নন্দ ৩ বছৰ ৬৯ দিন আৰু কৈলাস নাথ কাজুৱে ৩ বছৰ ৬৬ দিন কাৰ্যনিৰ্বাহ কৰিছিল। তাৎপর্যপূর্ণ যে গৃহমন্ত্রী অমিত শ্বাহৰ কাৰ্যকালত সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পৰা ‘কা’ বলৱতলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰূপায়ণ কৰা হৈছে।