দেশে দেশে দেৱী সৰস্বতী
জ্যোতি খাটনিয়াৰ
শব্দৰ প্ৰতি মানুহৰ আকৰ্ষণ সহজাত। শব্দ অবিহনে মানুহে নিজৰ যাৱতীয় কাম কাজ নিয়াৰিকৈ চলাই নিব নোৱাৰে। শব্দ শক্তি মানুহৰ অস্তিত্বৰ এটা প্ৰধান আধাৰ। চিন্তা ভাৱনা কৰা সকলো লোকে শব্দৰ শক্তি আৰু ঐশ্বৰ্যক গভীৰভাৱে বিশ্বাস কৰে। আজিৰ পৰা বহু হাজাৰ বছৰ আগেয়ে প্ৰকৃতিৰ বিভিন্ন ঘটনাৰ সন্মুখত বিস্ময় বোধ কৰা মানুহে শব্দৰ উদ্ভাৱন কৰিছিল। জোন – বেলি, পানী, আকাশ, তৰা , মাটি , বিজুলী – ঢেৰেকণি, ৰ’দ – বৰষূণ , দিন – ৰাতি – এই সকলোবোৰ বুজাবলৈ মানুহক শব্দৰ প্ৰয়োজন হৈছিল। শব্দই মানুহৰ মৰম চেনেহ, আনন্দ – বিষাদ – এই সকলোবোৰ ধৰি ৰাখিছিল। আমি সভ্যতা বুলিলে আজি যি বুজোঁ, সেই সভ্যতাৰ তেতিয়া কোনো চিন মোকামেই নাছিল। সেই সময়ৰ কোনো এটা অঞ্চলত বাস কৰা মানুহৰ সংখ্যা আছিল তেনেই কম। প্ৰত্নতত্ববিদ V. Gordon Childe ৰ ধাৰণাত তেনেকুৱা এটা পৰিবেশত এমুঠি মান মানু্হহে আছিল। অৰ্থাৎ এই এমুঠি মানুহৰ মাজত শব্দ , ভাষা, গণনা, ছবি – এইবোৰৰ বিকাশ হৈছিল। শব্দই হৈ পৰিছিল মানুহৰ শক্তি আৰু সাহস। মানুহে এক গোট হৈ থাকিবলৈ এটা যেন উপায় বিচাৰি পাইছিল। প্ৰকৃতিৰ ঘটনাবোৰৰ আঁৰত মানুহে যেনেকৈ কিছুমান অতি প্ৰাকৃতিক শক্তিৰ কল্পনা কৰিছিল, তেনেদৰে শব্দ আৰু ভাষাৰ মাজতো মানুহে এক শক্তি বিচাৰি লৈছিল। জন্ম হৈছিল শব্দই ব্ৰহ্ম জাতীয় ধাৰণাৰ। ই এক মেজিক ধৰ্মী বিশ্বাস। নৃতত্ববিদ ক্ল’ লেভি ষ্ট্ৰছৰ ( Claude Lévi-Strauss) ধাৰণাত আদিম মানু্হবোৰে বিভিন্ন ঘটনাৰ মাজত লয় বা শৃংখলা বিচৰাৰ এটা অহৰহ চেষ্টা কৰি আছিল। ষ্ট্ৰছে বৰ্ণনা কৰা The Savage Mind এ আপাততঃ সম্পৰ্ক নথকা বিভিন্ন ঘটনাৰ মাজেৰে এখন সৌন্দৰ্যবোধৰ জগতো গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এইটো এটা ৰূপান্তৰৰ প্ৰক্ৰিয়া। দেৱী সৰস্বতীৰ ধাৰণাৰ উৎপত্তি , বিকাশ আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াৰ অৱস্থান ওপৰৰ কথাখিনিৰ আলমত চালি জাৰি চাব পাৰি। শব্দই যিহেতু এক শক্তি বহন কৰে , সেয়েহে শব্দৰ সৈতে দৈৱিক শক্তি বা অনুপ্ৰেৰণাক জড়িত কৰাৰ বিষয়টোত কোনো অস্বাভাৱিক কথা জড়িত হৈ থকা নাই।
বৈদিক যুগৰ ঋষিসকলে শব্দ বা বাকৰ সৈতে জড়িত কৰা দেৱীগৰাকীয়ে হ’ল সৰস্বতী। বৈদিক যুগত সৰস্বতীৰ সৈতে অৱশ্যে আৰু কেইটামান জড়িত হৈ আছে। বৈদিক যুগত সৰস্বতীক যুদ্ধৰ এক পৰিৱেশৰ সৈতেও সংলগ্ন কৰা হৈছে। এই দেৱীয়ে ৰুদ্ৰৰ ধনুক লক্ষ্যভেদ কৰিবলৈ বেঁকা কৰি দিয়া বুলি কোৱা হৈছে, যাতে শত্ৰুৰ বিনাশ হয় । তেওঁ মানুহৰ প্ৰয়োজনীয়তাতে যুদ্ধৰ পৰিৱেশ এটা গঢ়ি তোলে বুলি কোৱা হৈছে। লগতে, তেওঁ মৰ্ত্য আৰু স্বৰ্গ দুয়োটাকে ভেদ কৰিব পৰাৰ শক্তিও বহন কৰে।
বৈদিক যুগত সৰস্বতী এখন নদীও। এই নদী অতি পৱিত্ৰ আৰু জ্ঞানৰ সৈতে সম্পৰ্কিত। বহুতৰ মতে উত্তৰ- পশ্চিম ভাৰতত প্ৰবাহিত হোৱা এই নদী বৰ্তমানৰ থৰ মৰুভূমিত পৰিছিলগৈ। ধাৰণা কৰা হৈছে যে ৫০০০ বছৰ পূৰ্বেই এই নদী নোহোৱা হৈ গ’ল। সৰস্বতী দেৱী আৰু সৰস্বতী নদীৰ সম্পৰ্কৰ তাৎপৰ্য নানা ধৰণৰে বিশ্লেষণ কৰাৰ অৱকাশ নথকা নহয়। আমি ক’ব পাৰো যে ঋগবেদৰ যুগত সৰস্বতীক নদী আৰু বাক্য , দুয়োটা ৰূপতে পোৱা গৈছিল। বিখ্যাত বেদজ্ঞ ড° যোগীৰাজ বসুৰ মতে : “বেদত বর্ণিত প্রত্যেক দেৱতাই একো একোটা পার্থিৱ বস্তু বা পার্থিৱ পদাৰ্থৰ প্রতীক। অর্থাৎ একো একোটা পাৰ্থিৱৰ চৈতন্যসত্ত্বা বা অধিষ্ঠাতা একো একোজন দেৱতা। ” ঋগবেদত সৰস্বতীয়েই সত্য বাক্য ৰূপে অৱস্থান কৰে। তেওঁ সকলো মানুহৰ শিক্ষয়িত্ৰী। তেওঁ লগতে জ্ঞান উদ্দীপিকা শক্তি। সেইকাৰণে দেৱী সৰস্বতীক প্ৰণাম কৰা হৈছে। সৰস্বতীক আকৌ নগৰ এখন ধৰি ৰখা শক্তি বুলিও কোৱা হৈছে। তেওঁ লোহাৰে তৈয়াৰী নগৰৰ ধাৰিণী হৈয়ো পানীৰ সৈতে গমনশীলা। এই কথাটোৰ অতি গভীৰ তাৎপৰ্য আছে। মহাভাৰতত সৰস্বতীক বেদমাতা বুলি কোৱা হৈছে। তৈত্তিৰীয় ব্ৰাহ্মণতো সৰস্বতীক বেদমাতা বুলি কোৱা হৈছে। শক্তি তত্ত্বৰ বিশেষজ্ঞ ভাৰতীয় বিদ্বান ড° শশীভূষণ দাসগুপ্তৰ মতে মহাসৰস্বতী, মহালক্ষ্মী আৰু মহাকালী একেগৰাকী দেৱীৰে তিনিটা ৰূপ। সাত্বিক, ৰাজসিক আৰু তামসিক – এই তিনি ৰূপৰ তেওঁলোক তিনি প্ৰতিনিধি ।
ভাৰতীয় শিল্পীসকলে প্ৰতিমা শিল্পত সৰস্বতীৰ কল্পনা কৰা ৰূপ শান্ত আৰু পৱিত্ৰ। ড° কল্যাণ কুমাৰ দাসগুপ্তৰ মতে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা সৰস্বতীৰ প্ৰতিমা দেখা যায়। এই প্ৰতিমাত তেওঁ হাতত বীণা লৈ পদুমৰ ওপৰত থিয় হৈ আছে। তেওঁৰ হাত দুখন। মথুৰাত পোৱা এটা পুৰণা সৰস্বতী মূৰ্তিৰ সোঁ হাতখন ভঙা। আৰু বাওঁ হাতখনত কিতাপ আছে। এই মূৰ্তি ১৩২ খ্ৰীষ্টাব্দৰ বুলি ভবা হয়। এই মূৰ্তিক জৈন উপাসনাৰ সৈতে জড়িত বুলিও ধাৰণা কৰা হয়। ৰাজস্থানত পোৱা একাদশ শতিকাৰ এটা সৰস্বতী মূৰ্তিত চাৰিখন হাত দেখা গৈছে। দাক্ষিণাত্যৰ কিছুমান সৰস্বতী মূৰ্তিত তেওঁক নৃত্য কৰি থকা অৱস্থাত দেখা গৈছে। কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশত নৃত্যশীলা সৰস্বতী পোৱা যায়। দুটা এটা সৰস্বতী মূৰ্তিত তেওঁ আকৌ সিংহৰ সৈতে আছে। বহুতৰ ধাৰণাত লক্ষ্মী আৰু সৰস্বতীৰ মাজত মৌলিক পাৰ্থক্য নাই। তেওঁলোক দুয়োগৰাকীয়ে জ্ঞান আৰু ধন ভক্তক প্ৰদান কৰিবলৈ সমানে সক্ষম।
মন কৰিবলগীয়া কথা এয়ে যে সৰস্বতীৰ কথাটো অকল ভাৰতভূমিতেই সীমাবদ্ধ নহয়। ই চীন, জাপান, কোৰিয়ালৈকে বিয়পি পৰিছে। বৌদ্ধ ধৰ্মৰ বিখ্যাত গ্ৰন্থ স্বৰ্ণপ্ৰভা সূত্ৰৰ ধৰ্মক্ষমাই চীনা ভাষালৈ কৰা অনুবাদৰ পৰা সৰস্বতীৰ ধাৰণাটো দক্ষিণ – পূব এছিয়াত বিয়পি পৰে। দেৱী সৰস্বতীক বৌদ্ধ চিন্তাই সকলো আকাংক্ষা , সম্পদ আৰু সফলতাৰ দেৱী বুলি ক’ব খুজিছে। এই সৰস্বতী দেৱীয়ে আঠবিধ অস্ত্ৰ হাতত লৈ ফুৰে । ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এমেৰিটাছ প্ৰফেছৰ বাৰ্ণাড ফৌৰ ( Bernard Faure) ৰ দৰে আলোচকৰ মতে সৰস্বতীৰ এই যুদ্ধৰ সৈতে জড়িত ৰূপটো বেদৰ পৰাই অহা। এই সৰস্বতীয়ে এজন ব্যক্তিয়ে কেনেকৈ বুদ্ধত্ব লাভ কৰিব পাৰে, তাৰ উপায় প্ৰদান কৰে। আমি জানো যে বৌদ্ধ চেতনাত স্মৃতিৰ এক বিশেষ ভূমিকা আছে। এই সৰস্বতীয়ে স্মৃতিক সবল আৰু শক্তিশালী কৰি ব্যক্তিগত দুখ যন্ত্ৰণাৰ পৰা আঁতৰাই ৰখাৰ এটা পথ মুকলি কৰে।
উল্লেখ্য যে চীনৰ পৰা এই সৰস্বতী জাপানলৈ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত আগুৱাই যায়। তাত তেওঁক বেঞ্জেইটেন বুলি কোৱা হৈছে। এই সৰস্বতী হাতত বীণাৰ দৰে এক বাদ্য যন্ত্ৰ আছে। ইয়াক ‘ বিৱা ‘ বুলি জনা যায়। এই সৰস্বতী আকৌ ড্ৰেগনৰ ওপৰত বহি থাকে। কেতিয়াবা সাপো তেওঁৰ সংগী। আমাৰ চুবুৰীয়া ব্ৰহ্মদেশত সৰস্বতীৰ উপাসনা কৰা হয়। থুৰাথাদি নামৰ এই সৰস্বতী গৰাকীয়ে বিদ্বান আৰু লেখকসকলক সুৰক্ষা দিয়ে। ম্যানমাৰৰ এই সৰস্বতীৰ সৈতে বিভিন্ন মেজিক সম্পৰ্কীয় বিশ্বাস জড়িত হৈ আছে। জৈনসকলে সৰস্বতীক সকলো জ্ঞানৰ উৎস বুলি ভাবে। মথুৰাৰ ওচৰত থকা বিখ্যাত কংকালী টিলাত জৈন সৰস্বতীৰ বহু পুৰণা মূৰ্তি আছে।
দাৰ্শনিক লুডৱিগ ৱিৎগেনষ্টাইনে শব্দক মানুহে বনাই লোৱা ভাষাৰ নিয়ম নীতিৰ সৈতে সংলগ্ন কৰিছে। দ্বিতীয়তে , য’ত শব্দ নাই, তাত ৱিৎগেংষ্টাইনে নীৰৱতাকেই গ্ৰহণ কৰিছে। ভাবি ভাল লাগে যে দেৱী সৰস্বতী আমি ব্যৱহাৰ কৰা শব্দ আৰু আমাৰ বাবে প্ৰয়োজন হোৱা নীৰৱতা – দুয়োটাৰে আঁৰৰ শক্তিৰূপে স্বীকৃত। দেৱী সৰস্বতীৰ উপাসনা দৰাচলতে জ্ঞান আৰু বিবেকৰ মহত্বলৈ এক নীৰৱ স্বীকৃতি।
