দেশী ভাষা আৰু দেশী সাহিত্যত এভূমুকি – নাছিৰ আহমেদ

PC - jugantor
দেশী ভাষা আৰু দেশী সাহিত্যত এভূমুকি
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
দেশী ভাষা আৰু দেশী সাহিত্যত এভূমুকি মৰাৰ আগতে দেশী ভাষা আৰু দেশী জন-গোষ্ঠীৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিছো।অসম তথা ভাৰতৰ ইতিহাস  অধ্যয়ন কৰিলেই আমি পাও যে, খৃষ্টীয় দশম শতাব্দীত সন্ধ্যা নামে ৰজাই কমতাপুৰ ৰাজ্য স্থাপন কৰিছিল, এই ৰাজ্যৰ অন্তৰ্গত আছিল বৰ্তমানৰ অ-বিভক্ত গোৱাল পাৰা জিলা, কামৰূপৰ পশ্চিম অঞ্চল(বকো, ছয়গাঁও, বৰপেটা) উত্তৰ বঙ্গ আৰু বাংলা দেশৰ ৰংপুৰ, দিনাজ পুৰ জিলা কালক্ৰমত এই কমতা পুৰ ৰাজ্য ভাঙি পঞ্চদশ শতিকাত কুশ বিহাৰ ৰাজ্য গঠন হৈছিল।কোঁচ ৰজা নৰনাৰায়ন আৰু সেনাপতি চিলাৰায়ৰ পৃষ্ঠ পোষকতাত এই ৰাজ্যৰ ভাষা স্বকীয় বৈশিষ্ট্যৰে ফলে-ফুলে, ৰঙে-ৰসে, বৰ্ণে-বৈচিত্ৰই জাতিষ্কাৰ হৈ পৰে। লগতে ইয়াৰ সাহিত্য-সংগীত, কলা-কৃষ্টি-সংস্কৃতিয়ো জীপাল হৈ পৰে। এই কুশ বিহাৰ ৰাজ্যৰ ভাষাৰ স্বকীয়তা লক্ষ্য কৰি পাশ্চাত্য ভাষাতত্বৰ  পণ্ডিত ছাৰ জৰ্জ আব্ৰাহাম গ্ৰিয়াচন চাহাবে ১৯২৭ চনত তেওঁৰ লেখা ”Linguistic Survey of India”নামৰ গ্ৰন্থত এই অঞ্চলৰ বৃহত জন-গোষ্ঠী কোঁচ ৰাজবংশী সকলক লক্ষ্য কৰি ”ৰাজবংশী” ভাষা বুলি নামকৰণ কৰিছে ।ডঃ বাণী কান্ত কাকতি, ডঃ উপেন্দ্ৰ নাথ গোস্বামী  আদি ভাষাবিদ সকলে এই ভাষাক দেশী ভাষা বুলি উল্লেখ কৰিছে ; বিশেষকৈ,  ডঃ বীৰেন্দ্ৰ নাথ দত্তই এই ভাষাৰ ওপৰত গৱেষণা কৰি এই ভাষাটোক ”দেশী ভাষা আৰু ইয়াৰ জন-গোষ্ঠীক ”দেশী মানুশ বা মানসি বুলি কৈছে । আমিও যুক্তি-তথ্যৰ সৈতে প্ৰমাণ কৰি দিব পাৰো যে, যি আৰ্য্য ভাষাৰ পূৰ্ব মাগধী অপভ্ৰংশৰ পৰা অসমীয়া, বাংলা, উৰিয়া, ভোজপুৰী ভাষাৰ উদ্ভৱ হৈছে, সেই একে ঠালৰ পৰা উদ্ভৱ হোৱা”দেশী ভাষা এটা সম্পূৰ্ণৰূপে স্বাধীন, স্বতন্ত্ৰ ভাষা ।দেশী ভাষাৰ অ-লিখিত সাহিত্য সমূহ হ’ল—ঘৰুৱা প্ৰবচন, শ্লোক, সাঁথৰ, বিভিন্ন কেচ্ছা(সাধুকথা) বচন সমূহ(ডাকৰ  বচন,  নীতি বচন) জৰা-ফুকাৰ মন্ত্ৰসমূহ ধৰ্মীয় আচাৰ সম্পৰ্কীয় আৰু লৌকিক গীত সমূহ। দেশী ভাষাৰ প্ৰৱচন সমূহে ভাষাটোৰ গূঢ় তত্ব কেনে চমৎকাৰ ৰূপে প্ৰকাশ কৰিছে তলত উল্লেখ কৰা প্ৰৱচন বোৰ তাৰ উকৃষ্ট উদাহৰণ।
”মুঁই কৰং মাই মাই
মাইৰ চোখত তো পানী নাই।”
”পৰেৰ জিনিস নাদি কাণত
ঝটকে নিবে এক টানত।”
”ঘাৰেৰ গামছা পৰেক দিয়া
বামুণ বেৰায় উদাসীন হয়া।”
”যাৰ নাই মাও, তাৰ নাই ভাও”
”মুৰ্গী সেনে জানে
ফল পাৰা কি কষ্ট”
” কাৰ গাৰা কায় খান্দে
যাৰ যাৰ গাৰা,  তাই তাই খান্দে।”
” যাৰ মাৱ ভাল, তাৰ ছাৱ ভাল”
” কাক কইবেন কাকা
সগাৰে দাড়ী পাকা”
” আসলেৰ ঘৰত ফসল নাই
ভাঙা ঘৰত চান্দোৱা।”
দেশী ভাষাৰ কেচ্ছাসমূহ ভাৰতীয় বেদান্ত দৰ্শনৰ ভক্তিৱাদ বা ৰহস্যৱাদ আৰু ইছলামীয় চুফিৱাদৰ দৰ্শনৰ ভেটিত, সংমিশ্ৰণত গঢ়ি উঠা একো একোটি সুন্দৰ আখ্যান স্বৰূপ এই কেচ্ছাসমূহ হ’ল—মনাই-তনাই, দানী বাদসাহ, সাহাজামাল-সাহাজাদী, ময়নামতী, মৰিচমতী, কালুগাজী, সত্যপীৰ ইত্যাদি। ৰোগ-ব্যাধি নিৰ্মূল কৰাৰ বাবে প্ৰয়োগ কৰা জৰা-ফুকাৰ মন্ত্ৰ সমূহ দেশী ভাষাৰ উৎকৃষ্ট সাহিত্য সম্ভাৰ। দেশী ভাষাৰ শেল্লোক সমূহত দেশী মানুহৰ বুদ্ধিদীপ্ত দিশ ফুটি উঠিছে।এই অ-লিখিত সাহিত্যৰ উপৰিও কোঁচ ৰজাৰ পৃষ্ঠ পোষকতাত দেশী ভাষাত ৰামায়ন, মহাভাৰত, পুৰাণ সাহিত্য অনুৱাদ হৈছিল, পীতাম্বৰ, দূৰ্গাৱৰ, মনকৰ আদি দেশী কৱি সকলে মনসা কাব্য,  ৰামায়নী গীত ৰচনা কৰিছিল, বড়ু চণ্ডিদাসৰ কৃষ্ণ কীৰ্তন খনো দেশী ভাষাত ৰচিত। ইয়াৰ উপৰিও বৰ্তমান যুগতো বহুতো সাহিত্য সৃষ্টি হৈ আছে তথাপি, আধুনিক সমাজক প্ৰতিফলিত হোৱাকৈ আধুনিক কৱিতা,  নাটক,  উপন্যাস ইত্যাদিৰ লগতে দেশী ভাষাৰ ব্যাকৰণ,  অভিধান আদি সৃষ্টি হোৱা নাই। এই ক্ষেত্ৰত অবিভক্ত গোৱালপাৰা জিলাৰ আৰু দেশী অধ্যুষিত অঞ্চলৰ দেশী জনগোষ্ঠীৰ লোকসকলে আগবা়ঢ়ি আহিব বুলি আশা ৰাখিলো।