দেশভক্ত তৰুণৰাম ফুকনক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰদেশ কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে মুক্তিযোদ্ধা, দেশভক্ত তৰুণৰাম ফুকনৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ আলোকপাত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।