দেশত হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য
ৰঙিলী বাৰ্ত্তাসেৱা- পহিলা এপ্ৰিলৰ দিনাই এক সুখবৰ। প্ৰতি মাহৰ দৰেই চৰকাৰী তেল কোম্পানীসমূহে LPG চিলিণ্ডাৰৰ মূল্য় আপডেট কৰিছে । এই মূল্য়ৰ তালিকা আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে। সেই অনুসৰি ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে ।১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য ৪১ টকা হ্ৰাস কৰা হৈছে। উল্লেখ্য় যে ফাকুৱাৰ পূৰ্বে তেল কোম্পানীসমূহে ৬ টকাকৈ LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল । এতিয়া এই দাম পহিলা এপ্ৰিলৰ পৰা ৪১ টকাকৈ হ্ৰাস কৰা হৈছে । অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। শেষবাৰৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখা গৈছিল। তথ্য অনুসৰি দেশৰ ৰাজধানী দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪১ টকা হ্ৰাস পোৱাৰ লগতে দাম ১৭৬২ টকালৈ পৰিণত হৈছে।আনহাতে কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সস্তা হৈ পৰিছে। আই অ’ চি এলৰ তথ্য অনুসৰি গেছ চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকা হ্ৰাস পোৱা দেখা গৈছে আৰু মূল্য ১৮৬৮.৫০ টকা হৈছে। দেশৰ অৰ্থনৈতিক ৰাজধানী বুলি অভিহিত মহানগৰী মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪২ টকা সস্তা হোৱাৰ লগতে দাম ১৭১৩.৫০ টকা আৰু দক্ষিণ প্ৰান্তৰ সৰ্ববৃহৎ মহানগৰ চেন্নাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৪৩.৫ টকা হ্ৰাস হৈ ১৯২১.৫০ টকা হোৱা দেখা গৈছে। GoodReturnsৰ মতে গুৱাহাটীত প্ৰতিটো ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকাকৈ হ্ৰাস পালে। যাৰ বাবে গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা।