দেশজুৰি বাণিজ্যিক ৰন্ধন গেছৰ দাম হ্ৰাস
ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি পুনৰ হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। এই সময়তে মধ্যবিত্তৰ বাবে সকাহৰ খবৰ যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে।১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ১৮৫৯.৫০ টকা। যাৰ দাম বৰ্তমান হ’লগৈ ১৭৪৪ টকা ।প্ৰতিটো চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰত।ইয়াৰ ফলত কলকাতাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ’ল ১৮৪৬ টকা, পূৰ্বে এই দাম আছিল ১৯৯৫.৫০ টকা।মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১৮৪৪ টকা, বৰ্তমান দাম ১৬৯৬ টকা।চেন্নাইত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ২০০৯.৫০ টকা। এতিয়া দাম ১৮৯৩ টকা।বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ ফলত কিছু স্বস্তিৰ সকাহ পাব মধ্যবিত্তই।