দেবেন্দ্র ফাড়নাৱিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি নেতা দেবেন্দ্র ফাড়নাৱিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী। মুখ্যমন্ত্রী হিচাপে দেৱেন্দ্ৰ ফাড়নাৱিছৰ নাম অনুমোদন। আজি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হয় দেৱেন্দ্র ফাড়নারিছ। ইফালে একনাথ শিণ্ডে আৰু অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ উপ- মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে। এই সিদ্ধান্তৰ পিছত এতিয়া দেৱেন্দ্র ফাড়নাৱিছে সমর্থক বিধায়কৰ নাম আৰু আসন থকাৰ দাবী লৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিব চৰকাৰ গঠনৰ বাবে। বিয়লি ৩.৩০ বজাত ৰাজভৱনলৈ যাব মহাযুটিৰ নেতাসকল। কাইলৈ মহাৰাষ্ট্ৰৰ আজাদ ময়দানত শপতগ্রহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াত বিজেপিৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকিব। বিধানসভা নির্বাচনত বিজেপিয়ে যিদৰে আসন পালে, বিশ্বাস কৰা হৈছিল যে পৰৱৰ্তী মুখ্যমন্ত্ৰীজন কেরল বিজেপিৰেই হ’ব। নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা নিৰ্বাচিত হৈছে দেবেন্দ্র ফাড়নারিছ। তেওঁ পূর্বেও মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। একনাথ শিণ্ডে চৰকাৰত উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা দেৱেন্দ্র ফাড়নারিছে ২০১৯ চনতো মুখ্যমন্ত্রী হোৱাৰ সুযোগ পাইছিল যদিও মাত্র কেইদিনমানৰ পিছতে পদত্যাগ কৰিবলগীয়া হৈছিল। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট চাঞ্চল্যকৰ। ইয়াত মহাযুটিয়ে পুনৰবাৰ ক্ষমতালৈ অহাই নহয় ২৮৮জনীয়া বিধানসভাত ২৩০খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী মহা বিকাশ আঘাড়ীয়ে মাত্র ৫০খন আসনত সীমাবদ্ধ আছিল। নির্বাচনত বিজেপিয়ে সর্ববৃহৎ দল হিচাপে আত্মপ্রকাশ কৰে। বিজেপিয়ে ১৩২খন, একনাথ শিণ্ডেৰ শিৱসেনাই ৫৭খন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰিছে। লগতে বিজেপিয়ে পালে পাঁচজন নির্দলীয় বিধায়কৰ সমৰ্থন।