দেওঘৰত বাছ -ট্ৰাকৰ মাজত ভয়ংকৰ সংঘর্ষত ১৮গৰাকী তীর্থযাত্ৰীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডত সংঘটিত হৈছে এক শোকাৱহ দুর্ঘটনা । আজি পুৱা ঝাৰখণ্ডৰ দেওঘৰৰ মোহনপুৰ প্ৰখণ্ডৰ জামুনিয়া চকত এখন বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ সংঘর্ষ ঘটে। এই সংঘর্ষত ১৮গৰাকী তীর্থযাত্ৰীৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। সংঘর্ষটো ইমান ভয়াৱহ আছিল যে বাছখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাই আছে। বাছখন বাবা বৈদ্যনাথ মন্দিৰলৈ পূজাৰ বাবে গৈ আছিল। সূত্ৰৰ মতে, চালকৰ টোপনিৰ ফলত এই দুর্ঘটনা ঘটিছে। পুৱা প্ৰায় ৪-৫ বজাৰ সময়ত দেওঘৰৰ পৰা বাসুকীনাথলৈ যোৱা ৩২ চীটাৰ এখন বাছ অনিয়ন্ত্রিত হৈ এখন ট্ৰাকৰ সৈতে সংঘর্ষ ঘটে আৰু তাৰ পিছতেই ই ইটাৰে ভৰ্তি এটা ঠাইত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ বিষয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনে শোক প্রকাশ কৰি ছচিয়েল মিডিয়াত লিখিছে-“আজি পুৱা দেওঘৰৰ মোহনপুৰ প্ৰখণ্ডৰ জামুনিয়া চকত হোৱা বাছ দুর্ঘটনাত বহু তীর্থযাত্ৰীৰ মৃত্যুৰ বেদনাদায়ক খবৰ পাইছোঁ। জিলা প্রশাসনে উদ্ধাৰ আৰু চিকিৎসা সেৱা আগবঢ়াই আছে।” তেওঁ লগতে লিখিছে- “বাবা বৈদ্যনাথে এই দুর্ঘটনাত নিহত হোৱা তীর্থযাত্রীসকলৰ আত্মাৰ শান্তি কামনা কৰক আৰু শোকাকুল পৰিয়ালক এই দুখৰ সময়ত সহ্যশক্তি প্ৰদান কৰক।”