দেউতা
ৰফিকা ছিদ্দিকা
ল’ৰালিৰ সেই উজুটি খোৱা দিনবোৰত
হাতে হাত ধৰি আগুৱাই নি
অভিমানভৰা মুখখনত
হাঁহি বিৰিঙাই
মোৰ জীৱন জীপাল কৰি তোলা
সেইজনেই তুমি দেউতা…!
তুমিয়েই সেইজন,
যিয়েই এই বিশাল পৃথিৱীখনৰ লগত
চিনাকি কৰাই
হৃদয়ৰ পৰা মোৰ মৰম বিলাই
সজাই তুলিলা মোৰ জীৱন,
তোমাৰ প্ৰেমেৰে হৃদয় জীপাল
তোমাৰ মৰমেৰে জীৱন সুন্দৰ
সপোনৰো তুমি আন এটা নাম
তুমিয়েই সুৰক্ষা
তুমিয়েই নিৰাপত্তা
তুমিয়েই মোৰ শেষ ঠিকনা
দেউতা…!