পিতৃ দিৱসৰ শুভেচ্ছাৰে
দেউতা
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
পিতাই তই কেনে আছ নাজানো
তোৰ কথা
আজি বৰকৈ মনত পৰিছে।
তোৰ কোলাত উঠি বিৰক্তি কৰা মুহূর্তবোৰ
ভাঁহি উঠিছে ঘনকৈ
ঘৰখনৰ প্ৰতিজনৰ প্ৰয়োজন
পূৰণৰ অপূর্ব প্ৰয়াস।
দিহিঙে-দিপাঙে মাথোঁ তয়ে ভৰসা
তোৰ হৃদয়ত এসাগৰ যাতনা
বিবিধ অভিনয়েৰে ধৈৰ্যশীল
বিক্ৰম তই সৰ্বদা।
জীৱন মৰুত তয়ে মৰুদ্যান
সৰবৰহী হৈ বন্টন কৰিছা
জীৱনৰ ৰস
সুমধুৰ বচনে আনে
ভৱিষ্যতৰ সপোন।
মেঘাচ্ছন্ন অন্ধকাৰ জীৱনৰ
আলসুৱা আশ্ৰয়স্থল
তইহীন জীৱন সচায়ে যাতনাময়
প্ৰতি মুহূর্তত নিসংগতাই ঘেৰি ধৰে
মোৰ প্ৰতিটো আশা, প্ৰতিটো ভৰসা
তোৰ আৰ্শীবাদত গঢ় লয়।
পিতাই অ’ মোৰ মনটো
সেমেকি থাকে তইহীন
মাকৰ হুমুনিয়াহ
তোৰ নয়নমণি মোৰ ভনীটিৰ ক্ৰন্দনে
মোক শূলে বিন্ধাদি বিন্ধে।
ঘৰখন যেন ওলমি আছে শূন্যত
তই নাই নহয়, সেই বাবে
তোৰ হাতৰ পৰশত গঢ়া
প্ৰতিটো বস্তুয়েই যেন বিচাৰে তোক।
চোতালৰ তামোল, নাৰিকল
আম, জাম আনকি
বকুল গছজোপায়ো যেন
নিস্তব্ধ হৈ থাকে একেথৰে।
কেতিয়াবা ভাবো বৰকৈ
জীৱন নৈখন নহয়
অবিৰত,
হৈ পৰে অন্ত কোনেও নজনাকৈ
কত আহিছে, কত গৈছে
আছো আজি
নাথাকোঁ এদিন
অনুপম এই জীৱন!
সঁচাই অনুপম এই জীৱন!