দেউতাৰ হাড় ভঙা পৰিশ্ৰম
আব্দুৰ ৰশিদ
বৰপেটা, মইনবৰী
পুৱতি বেলাত
সূৰ্য উদয়ৰ লগে লগে
দিনটো শুভাৰম্ভ কৰে
মোৰ দেউতাই
নাঙল-জোঙলি কান্ধত লৈ ।।
নাই কোনো এলেহুৱা
নাই কোনো বিশ্ৰাম
সূৰ্যৰ প্ৰখৰ ৰ’দত
কপালৰ ঘাম মাটিত পেলাই
একেৰাহে কৰি গৈছে পৰিশ্ৰম।।
এবাৰ ভাবিছানে ?
তুমি পঢ়া স্কুলৰ ফিচ,
কিতাপৰ খৰচ ,
টিউচন ফিচ
ক’ৰ পৰা আহে ?
কেনেকৈ উপাৰ্জন কৰে
দেউতাই ?
তথাপিও দেউতাই
নিজৰ সন্তানক লৈ দেখা সপোন
বাস্তবায়িত কৰিবলৈ,
পৰিয়ালটোক ভালদৰে পোহ-পালন দিবলৈ,
নিজৰ দুখ-কষ্ট পৰিয়ালৰ কাকো
বুজিবলৈ নিদিয়াকৈ
একেৰাহে কৰি গৈছে পৰিশ্ৰম
পথাৰত ।।
একাংশ সন্তানে
দেউতাৰ হাড় ভঙা পৰিশ্ৰমৰ
ধন বোৰ লৈ
আনন্দ-ফূৰ্তিৰে
অপচয় কৰি,
উদং কৰিছে দেউতাৰ পকেট।
এবাৰ ভাবিছানে?
তুমি কৰা আনন্দ-ফূৰ্তিৰ ধনবোৰ
ক’ৰ পৰা আহে?
এক মিনিট সময়
চকু বন্ধ কৰি ভাবিলে
দেখিবলৈ পাবা,
দেউতাৰ হাড় ভঙা পৰিশ্ৰম
তোমাৰ চকুৰ সন্মুখত
ভাঁহি থকা কৰুণ দৃশ্য।।