দেউতাৰ স্মৃতি
দেউতা! তোমালে আজি বৰ মনত পৰিছে যানা
তুমি ক’ত আছা দেউতা ?
ইমান সোনকালে আমাক এৰি থৈ গ’লা
তোমাৰ মুখখন এতিয়াও মনত পৰে যানা
তোমাৰ স্মৃতিয়ে বৰ আমনি কৰে
টোপনি নযায় মোৰ জানা দেউতা
জানানে দেউতা ! তুমি দিয়া
ৰঙাঁ ছোলাটো মই
আজিও সজতনে থৈ দিছোঁ
আলমাৰি খুলি মাজে মাজে চাওঁ
তাতেই তোমাৰ মৰম পাওঁ
সময় ৰৈ নাথাকে
আজি আছে কালি নাই
বৰ কঠিন এই সময় পাৰ কৰা
তোমাৰ আশীৰ্বাদ লৈ জীয়াই আছোঁ
কেৱল মাথো জীয়াই থকাৰ
অস্তিত্বৰ বাবে
সময় গুচি যায় স্মৃতি থৈ যায়
নাই নাই বুলি কান্দি থাকিলেও
তুমি আছা আমাৰ মাজত সদায়
এটি আকাশৰ তৰা হৈ
অন্ধকাৰ বিনাশী পোহৰ বিলাই
অনাদি – অনন্তলৈ….
( স্বৰ্গগামী দেউতালৈ উচৰ্গা কৰিলোঁ )
হিমাদ্ৰী বৰকটকী