দেউতালৈ শ্ৰদ্ধাঞ্জলি- ময়ূৰাক্ষী গগৈ

Pc-istock

দেউতালৈ শ্ৰদ্ধাঞ্জলি

সদায়ে জয়ী হৈ থকা দেউতা,
নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই,
আপুনি চিৰবিদায় ল’লে।
আপোনাৰ প্ৰস্থানৰ খবৰ পাই
শুভাকাংক্ষী সকল দৌৰি আহিছে,
আমাক সমবেদনা জনাবলৈ।
আপুনি দেখা হ’লে কিমান যে
সুখী হ’লহেঁতেন !
দেউতা,
মনত পৰে আমাক যে সৰুতে
হাতত ধৰি গোলাঘাটৰ বজাৰখন ঘূৰাই
হোটেলত মিঠাই খুওৱাৰ দৃশ্যবোৰ!
যোৰহাটৰ প্ৰতিখন পূজামণ্ডপৰ
গোসাঁনী দৰ্শন কৰোৱাৰ দৃশ্যবোৰ!
মনত পৰে দেওবৰীয়া হাটৰ পৰা অনা
প্ৰত্যেকৰে প্ৰিয় বস্তুৰে ভৰা মোনাখনলৈ।
খাই ভাল পোৱা আৰু পৰিপিটিকৈ থকা দেউতা,
আপোনাৰ লোভ -মোহ কেতিয়াও দেখা নাছিলোঁ।
সৰুৰে পৰা এটাই শিক্ষা পাইছিলোঁ
সদায় সঁচা কথা কোৱা
আৰু কাৰো অন্যায় নকৰাৰ।
আৰ্শীবাদ কৰিব যাতে আমিও
সেই আদৰ্শ ল’ব পাৰোঁ যেন।
আজি আপোনাৰ আদ্যশ্ৰাদ্ধৰ দিনা
এটোপাল অশ্ৰুৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
আপুনি য’তেই আছে শান্তিৰে থাকক।

০৬/০৭/২২তাৰিখ দেউতাৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে।

ময়ূৰাক্ষী গগৈ