দেউতালৈ অনুগ্ৰহ
জ্ঞানশ্ৰী ওজা, মাজুলী
দেউতা মই বিয়া নহওঁ
সেই চৰহৰীয়া ডেকাজনলৈ ।
দেউতা মই নোৱাৰোঁ
চহৰৰ দুৰ্গন্ধময় বতাহৰ
মাজত সহাৱস্থান কৰিব ।
মইতো ভালপাওঁ গাঁওখন
যিয়ে মোক প্ৰকৃতিৰ কোমল
স্পৰ্শই সম্ভাষণ জনাই নিতৌ
চৰাই ,পখিলা ,ফুল ,নদী
সেই সেউজীয়াতেই নিজকে
নিজেই বিলীন কৰি দিওঁ।
শুনিছোঁ তেওঁৰ হেনো বৰ
ডাঙৰ অট্টালিকাত থাকে ?
মইতো আকৌ নোৱাৰোঁ
সেই মানৱবিহীন কংক্ৰীটৰ
মাজত এখন্তেকো জীৰাব ।
নোৱাৰোঁ সহিব দেউতা সেই
যান – যতৰ উৎকত চিঞৰ ,
নোৱাৰো মই ব্যস্ত মানৱলোকৰ কোলাহলৰ
মাজত নিৰ্ভিক মনে থাকিব ।
দয়া কৰা দেউতা ,
মই বিয়াত নবহোঁ
নেলাগে মোক সেই
চহৰীয়া আঢ্যৱন্ত দৰা ।
নালাগে তেওঁ মোক ধনেৰে
সুখ কিনি দিবলৈ ।
লাগে মোক প্ৰকৃতিৰেই
নীৰৱ নিতাল কোলাহল ,
য’ত মই সুস্থ মনেৰে
এক প্ৰশান্তিৰ হুমুনিয়াহ পেলাই
আকাশৰ জোনটিক হেঁপাহেৰে
চাব পাৰো ,
আৰু আবেলিৰ ৰহণ
বিলোৱা বেলিটিৰ ধেমালিৰ
মাজত এটি পল জিৰণি ল’ব পাৰোঁ ।
দেউতা মই বিয়া নহওঁ
চহৰৰ মজিয়াৰ মলিনতা,
কোলাহল অমানৱীয়তা
আৰু যান্ত্ৰিকতাৰ লগত ।
