অণুগল্প
দৃষ্টি
মিতালি বৰঠাকুৰ ( আচাৰ্য ), মালিগাওঁ
ষ্টেচনৰ বেঞ্চখনৰ এমুৰে আমন- জিমনকৈ বহি থকা সৰু ছোৱালীজনিয়ে অহৰহ আহি থকা মানুহ বোৰৰ মুখলৈ এক সহানুভুতিৰে চাই চাই ভাগৰি পৰে। তাই হয়তো বুজি নাপায় যে , এই ব্যস্ত পৃথিৱী খনত কোনেও কাৰো ফালে চাবলৈ আহৰি নাই। য’ত হেৰাই গৈছে ‘ মানৱীয়তা ‘ নামৰ এমুঠি শব্দৰ সহাঁৰি।