দৃষ্টিহীন ক্রিকেটাৰ চিমুক ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিব চৰকাৰে

দৃষ্টিহীন ক্রিকেটাৰ চিমুক ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিব চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেট বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰে।কেবিনেট সিদ্ধান্তৰ তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে যে কেবিনেটে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিবলগীয়া নামৰূপ এম’নিয়া-ইউৰিয়া ব্ৰাউণ্ড ফিল্ড প্রকল্প ৰূপায়ণৰ বাবে ব্ৰহ্মপুত্র উপত্যকা সাৰ নিগম লিমিটেডক চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ বাবে অনুমোদন জনায়। কেবিনেটে অসম সংহত ক্রীড়া নীতিৰ অধীনত মহিলা টি-২০ দৃষ্টিহীন ক্রিকেট বিশ্বকাপ-২০২৫ৰ খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্য অসমকন্যা চিমু দাসক অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্ৰশিক্ষক (ফিজিকেল ইনস্ট্রাক্টৰ) হিচাপে নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত ৩০৮টা খিলঞ্জীয়া পৰিয়ালক বসবাসৰ উদ্দেশ্যে চৰকাৰী খাচ ভূমি আৰু চিলিং উদ্বৃত্ত ভূমিৰ আবণ্টনৰ বাবে অনুমোদন জনায়। আনহাতে কেবিনেটে গোৱালপাৰা জিলাৰ কুমাৰীবিল এলেকা (২৭০ হেক্টৰ) আৰু ধামাৰবিল এলেকা (৩৩৭ হেক্টৰ) ক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পিআৰএফ) হিচাপে ঘোষণাত অনুমোদন জনায়। কেবিনেটে অসমৰ নিৰাপত্তা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) ক এটা গ্রুপ চেণ্টাৰ স্থাপনৰ বাবে ধেমাজিৰ ৬০৭ বিঘা ভূমি হস্তান্তৰত অনুমোদন জনায়। ৰাজ্যিক স্ব-অধিকাৰ উন্নয়ন পুঁজি গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বর্ষত ২৫০ কোটি টকা বিটিচিলৈ মুকলি কৰি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়।