অনুগল্প
দৃশ্যান্তৰ
নিৰ্মালি বৰা হাজৰীকা
নগাঁও
এটা হাতত ৰৌ মাছৰ টোপোলা ।
এটা হাতত মিঠাইৰ টোপোলা লৈ ৰজনী আনন্দত আত্মহাৰা হৈ আগবাঢ়িল , “হেৰা গোপাল আকৌ এটি ল’ৰাৰ বাপেক হ’লো।তুমি হে কিনো কাম কৰিলা।ছোৱালী দুজনীতে সমাপ্ত কৰিলা।শেষ সময়ত মুখত পানী এটুপি দিবলৈও লাগে ল’ৰা এটা।”
মোৰ দেখিছা গজ গজকৈ তিনিটা ল’ৰা বুলি বুকু ফিন্দাই ফিতাহি মাৰা ৰজনী বৃদ্ধ কালত পত্নীৰে সহিতে বৃদ্ধাশ্ৰমৰ আলহী। বন্ধু গোপালে জী-জোৱাঁই,নাতি-নাতিনীৰে সৈতে পাৰ কৰিছে সুন্দৰ সময়।