অৱলোকন
দূৰদৰ্শিতা
(Farsightedness)
কনক শৰ্মা
দমদমা-হাজো
অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনখন অনুষ্ঠিত হৈছিল গোৱালপাৰাত ১৯১৮ চনৰ ২৭ ডিচেম্বৰত। অধিৱেশনত সভাপতিত্ব কৰিছিল মাননীয় চন্দ্ৰধৰ বৰুৱা ডাঙৰীয়াই। তেখেতে সভাপতিৰ অভিভাষণত কৈছিল, — ” যি শিক্ষাই স্বভাৱটো ঘঁহি-পিহি নিমজ কৰি দিয়ে, মানুহৰ চকু গজাই দিয়ে, মনক উদাৰ আৰু বুদ্ধিক প্ৰসাৰ কৰি দিয়ে আৰু কাৰ্য্য ক্ষমতা আৰু যোগ্যতা বৃদ্ধি কৰি মানুহক সমাজৰ নিমিত্তে লাগতিয়াল কৰি তোলে, মই তাকেহে শিক্ষা বুলিছোঁ। কিন্তু যি শিক্ষাৰ পৰা কেৱল গোটাদিয়েক ‘ক ক ম ম’ আওৰাই লৈ মানুহ অহঙ্কাৰেৰে পৰিপূৰ্ণ আৰু সকলো লাগতিয়াল কাৰ্য্যৰ নিমিত্তে অনুপযুক্ত কিবা এটা অদ্ভুত প্ৰাণী হৈ পৰে, সি শিক্ষা নহয়েই বৰং অশিক্ষাতকৈও সহস্ৰ গুণে অধম আৰু ভয়ংকৰ। “
যি জাতি শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক ভাবে চহকী সেই জাতিহে বৰ্তমানৰ প্ৰতিযোগিতামূলক বিশ্বত তিষ্ঠি থাকিব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াইও এনে এক অভিমতকে প্ৰকাশ কৰি গৈছে। গোৱালপাৰা অধিৱেশনত মাননীয় সভাপতিজনাইও অসমীয়া জাতিৰ সৰ্বাঙ্গীন বিকাশ আৰু সমৃদ্ধিৰ দিশৰ কথা চিন্তা কৰিয়েই উপৰ্যুক্ত অভিমতটো ডাঙি ধৰিছে।
ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ যোৱাৰ লগে লগে অসমৰ প্ৰাচুৰ্য্যপূৰ্ণ ভাষা, সাহিত্য, শিক্ষা, সংস্কৃতি সৰ্বত্ৰতে এক যতি বিৰাম আহি পৰিল। এক বিজাতৰীয়া সংস্কৃতিয়ে অসমীয়া জাতিসত্তাৰ কাঠামোত আঘাত হানিলে।
জাতীয় জীৱনৰ যুগন্ধৰ মহান কাণ্ডাৰী, চিন্তা নায়ক সকলৰ অহোপুৰুষাৰ্থত অসমীয়া জাতিয়ে কিছুপৰিমাণে ঐতিহ্য ৰক্ষাৰ সংগ্ৰামত কৃতকাৰ্য্যতা লভিলেও পাৰিপাৰ্শ্বিক বিষক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই — আজিও।
কোনোবাখিনিত যেন আমাৰ মন-মগজুত এক কৰ্মবিমুখিতা চিন্তা-চেতনাই ক্ৰীড়া কৰিবলৈ ল’লে। ৰাজনৈতিক নীতি আদৰ্শই এনে চিন্তা-চেতনাক অধিক উন্মুখ কৰি তুলিলে। পৰিণতিত অসমীয়া সংস্কৃতিৰ বৰঘৰত বিজাতৰীয়া অপসংস্কৃতিয়ে বৰপীৰা পাৰিলে। কৃষি সংস্কৃতি চাহাবী সংস্কৃতিলৈ পৰ্য্যৱসিত হ’ল। শৈক্ষিক পৰিমণ্ডলৰ বাতাবৰণে অসমীয়া ভাষা-সাহিত্যৰ ঐতিহ্যক নিশকতীয়া কৰিবলৈ ধৰিলে। অতি সাম্প্ৰতিক সময়ত ঐন্দ্ৰজালিক দিবাস্বপ্নই অসমৰ শৈক্ষিক পৰিমণ্ডলক যেনে ধৰণে বিধ্বস্ত কৰিবলৈ লৈছে সেয়া জাতিটোৰ বাবে যে এক অশনি সংকেত সেয়া অনস্বীকাৰ্য।
আমি আমাৰ প্ৰজন্মক জাতীয় জীৱনৰ গৌৰৱগাথাৰে উদ্বুদ্ধ কৰাব লাগিব। প্ৰকৃত শিক্ষাইহে যে চিন্তা শক্তিক উৰ্বৰ কৰে সেই কথাও শিকাব লাগিব। আমাৰ অন্তৰ্নিহিত সৃজনীমূলক প্ৰতিভাৰ উন্মেষ মাত্ৰ শিক্ষা আহৰণৰ জৰিয়তেহে যে সম্ভৱ সেই কথাবোৰো আমি আমাৰ প্ৰজন্মক শিকাব লাগিব।
অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনৰ অভিভাষণত উল্লেখ থকা মাননীয় সভাপতিজনাৰ শিক্ষা সম্পৰ্কীয় উপৰ্যুক্ত অভিমতৰ এশ দুবছৰ পিছত ২০২০ চনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যও কিন্তু শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হোৱাকৈ সৃজনীশীল প্ৰতিভাসম্পন্ন নাগৰিক সৃষ্টি কৰাটোহে।
ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ৰ অৱতৰণিকাত উল্লেখ আছে, —
” মানৱ সমাজৰ সম্ভাৱনীয়তা, সামাজিক ন্যায়নিষ্ঠতা আৰু ৰাষ্ট্ৰীয় বিকাশক পৰিপূৰ্ণ ৰূপত আগবঢ়াই নিয়াটোৱেই হ’ল প্ৰকৃত শিক্ষা। মানসম্পন্ন, সাৰ্বজনীন শিক্ষা প্ৰদান কাৰ্য্যই ভাৰতীয় শিক্ষা ব্যৱস্থাক আধাৰ প্ৰদান কৰিব আৰু অৰ্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু সমতা, বৈজ্ঞানিক অনগ্ৰসৰতা, ৰাষ্ট্ৰীয় সংহতি আৰু সাংস্কৃতিক সংৰক্ষণৰ কাৰ্য্য ব্যৱস্থাই ভাৰতবৰ্ষক বিশ্বৰ নেতৃত্ব স্থানত অধিষ্ঠিত কৰিব।”
মাননীয় সভাপতি বৰুৱা ডাঙৰীয়াৰ শিক্ষা সম্পৰ্কীয় ব্যাখ্যা আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ লক্ষ্য আৰু উদ্দেশ্যক সংশ্লিষ্ট সকলোৱে গভীৰ ভাবে উপলব্ধি কৰিব পৰাটোতেই নিহিত আছে আমি আমাক আৰু আমাৰ উত্তৰ প্ৰজন্মক জীৱন আৰু জগত সম্পৰ্কত কেনে মাৰ্গ দৰ্শন দিবলৈ লৈছোঁ।
