দূৰত্বৰ পৰাই গম পায় সম্বন্ধবোৰ কাৰণ চকুৰ সন্মুখত সকলোকে অমায়িকে দেখা যায়
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
মানুহে মানুহৰ লগত সম্বন্ধ স্থাপন কৰি জীৱন নিৰ্বাহ কৰি আগুৱাই যোৱাটো এক অনিবাৰ্য কাৰ্য হিচাপে ধৰিব পাৰি। গতিকে প্ৰায় প্ৰতিজন মানুহে এইটোৱেই চেষ্টা কৰি থাকে যে ,নিজ নিজ জীৱন কালত ভাল ভাল মানুহৰ লগত কিদৰে সম্পৰ্ক স্থাপন কৰি আগুৱাই যাব পাৰি।এতিয়া কথা হল ব্যক্তি এজনক অতি কম সময়ৰ ভিতৰত গম পোৱা যথেষ্ট কঠিন কাম। কাৰণ যিকোনো ব্যক্তিয়ে মানুহৰ চকুৰ সন্মুখত একেবাৰে অমায়িক হৈ থকাৰ ভাও ধৰি থাকে। গতিকে মানুহক বুজিবলৈ হলে এজনে আনজনৰ লগত সময়ে সময়ে কিছু দূৰত্বত সৃষ্টি কৰিব লাগে। যেতিয়া দুজন মানুহৰ মাজত কিছু দূৰত্ব আহি পৰে ঠিক তেতিয়াহে মানুহৰ প্ৰকৃত চৰিত্ৰবোৰ উদং হয়। একমাত্ৰ দূৰৰ পৰাই গম পাব পাৰি আপোনাৰ লগত ভাল সম্বন্ধ স্থাপন কৰি অহা মানুহবোৰৰ আপোনাৰ পক্ষত তেওঁলোকৰ মতামতবোৰ সচাকৈ কিমান ভাল। সেয়েহে বহু চিন্তা,ভাবনাৰ জৰিয়তে আমাৰ সমাজৰ বুদ্ধিজীৱী সকলে এক সচাঁ মত পোষণ কৰিছে যে,দূৰত্বৰ পৰাই গম পায় সম্বন্ধবোৰ কাৰণ চকুৰ সন্মুখত সকলোকে অমায়িকে দেখা যায় ।
এজন মানুহৰ লগত সদায় একেধৰণৰ ভাল সম্পৰ্ক ৰক্ষা কৰি আগুৱাই যোৱাটো যিমান সহজ যেন অনুভৱ হয় সিমানেই হয়তো কঠিন কাম। কাৰণ সম্বন্ধ এটাৰ মাজত ফাট মেলিবলৈ হলে ডাঙৰ কিবাকিবি ঘটনা সংঘটিত হোৱাৰ প্ৰয়োজনে নাই। কাৰণ সামান্য সৰু কথা এটাত মতানৈক্য ভাবধাৰাৰ সৃষ্টি হলেই ভাল সম্বন্ধ এটাত ফাট মেলিবলৈ ধৰে। সেয়েহে ভাল সম্বন্ধ এটা সদায় ৰক্ষা কৰি চলিবলৈ হলে আন্তৰিক বুজাবুজিৰ বহু প্ৰয়োজন হয়। আচলতে যিবোৰ মানুহৰ লগত কিছু দূৰত্ব সৃষ্টি হোৱাৰ লগে লগেই আপোনাক লৈ তেওঁৰ মনৰ ধাৰণা সমূহত সালসলনি হবলৈ ধৰে তেন্তে তেনে সম্বন্ধ সমূহৰ পৰা লাহে লাহে নিজে আতৰি আহক। কাৰণ এনেকুৱা ধৰণৰ সম্বন্ধবোৰে আপোনাৰ উপকাৰ সাধনতকৈ বহু বেছি অপকাৰহে সাধন কৰে। সেয়েহে সময়ে সময়ে মানুহৰ মাজত বা সম্বন্ধবোৰৰ মাজত কিছ অন্তৰৰ সৃষ্টি কৰি চলিব লাগে। ইয়াৰ ফলত মানুহৰ মাজত লুকাই থকা প্ৰকৃত চৰিত্ৰবোৰ অতি সহজতে উজাগৰ হবলৈ ধৰে।