অণুগল্প
দুৰ্ভাগ্য
সম্প্ৰীতি কোঁৱৰ
এজিমালা,কেৰেলা
বগা কাপোৰেৰে ঢাকি থোৱা স্বামীৰ মৃতদেহটো দেখি সেইদিনাখন তাই কান্দিব পৰা নাছিল। বৰঞ্চ সেই মূহুৰ্তত তাই প্ৰতিজ্ঞাবদ্ধ হৈছিল আঠ মহীয়া পেটটোলৈ চাই। তেওঁৰ সপোনৰ মঙহ টুকুৰাক দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ মানুহ কৰাৰ।
