দুৰ্বৃত্তই পিষ্টল দেখুৱাই শিক্ষয়িত্রীৰ পৰা লৈ গ’ল সোণৰ চেইন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত প্ৰাতঃভ্ৰমণলৈ যাওতে সাৱধান।পকেটত মাৰণাস্ত্ৰ লৈ মহানগৰীত ঘূৰিছে চিলনী চোৰ। মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই এগৰাকী শিক্ষয়িত্রীৰ পৰা লুটি লৈ গ’ল সোণৰ চেইন। গুৱাহাটী ক্লাৱৰ জে বি লেন পথত সংঘটিত হৈছে এই ঘটনা?ৰীতা কলিতা নামৰ এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই পিষ্টল দেখুৱাই কাঢ়ি নিলে সোণৰ চেইন। সন্তানক স্কুলত থ’বলৈ যাওতে সংঘটিত হয় এই ঘটনা।এতিয়াও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।