দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- দ্বীপৰ বিল,বাহিনী নৈ,শিলসাঁকো বিলৰ উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে সাহসী সিদ্ধান্ত গ্ৰহণ কৰি বেদখলমুক্ত কৰাৰ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে কয়- যি কোনো মূল্যৰ বিনিময়ত চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জি এম ডিয়ে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব লাগিব। শিলসাঁকো বিলৰ উচ্ছেদৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতিক লৈয়ো তেওঁ কয় যে, একাংশ ভু মাফিয়া,ৰাজনৈতিক নেতা আৰু মধ্যভোগী দালালৰ পৃষ্ঠপোষকতাত এই বিল দখল কৰাৰ লগতে অবৈধ প্ৰক্ৰিয়াৰে এই বিলৰ ভুমিত বিভিন্ন পৰিয়ালক বহুৱাইছিল৷চৰকাৰী বিল আৰু জলাশয়ৰ মাটিৰ ভুমি স্বত্ব ক্ৰয়-বিক্ৰয় কৰিবলৈ এই ভু-মাফিয়া সকলক কোনে অধিকাৰ দিলে বুলিও গগৈয়ে প্ৰশ্ন কৰে। এতিয়া একাংশ সংগঠনৰ উচটনিত প্ৰশাসনক উদ্দ্যেশ্য কৰি উচ্ছেদিত মহিলাই ’জে চি বি জ্বলাই দিম,আৰক্ষীক মাৰি পেলাম’ বুলি ৰাজহুৱাকৈ ভাবুকি দিয়াৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ বুলি উল্লেখ কৰে গগৈয়ে। এইক্ষেত্ৰত উচটনি দিয়া সংগঠন,ভু-মাফিয়া আৰু মধ্যভোগী দালালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গগৈয়ে।মুঠৰ ওপৰত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই স্থান সমূহত বসবাস কৰা খিলঞ্জীয়া নাগৰিকক আন স্থানত সংস্থাপন কৰাৰ লগতে ভৱিষ্যতে এই স্থানত কোনো বে-দখল নোহোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই গগৈয়ে। সমান্তৰালভাৱে বটদ্ৰৱা ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে সঠিক অনুসন্ধান কৰি দোষীক শাস্তি দিয়াৰ লগতে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।বিশেষকৈ বিৰোধী দল সমূহে অপৰাধত জড়িত সকলৰ বাসগৃহ প্ৰশাসনে ভাঙি দিয়াৰ পাছত- সমালোচনাত মুখৰ হোৱাৰ পৰিৱৰ্তে প্ৰশাসনৰ বিৰুদ্ধে এতিয়াও গোচৰ কিয় দাখিল নকৰিলে বুলি গগৈয়ে প্ৰশ্ন কৰে।শেষত কোনো পক্ষকেই আইন হাতত তুলি নলবলৈ আহ্বান জনায় সমগ্ৰ বটদ্ৰৱাবাসীকে শান্তি-শৃংখলা অটুট ৰাখিবলৈ গগৈয়ে আহ্বান জনায়।