দুৰ্নীতিৰ ৰাণী ACS বিষয়া নূপুৰ বৰাক জামিন মঞ্জুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুর্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ACS বিষয়া নূপুৰ বৰাৰ জামিন মঞ্জুৰ কৰিলে বিশেষ আদালতে। বিগত কিছুদিন ধৰি নূপুৰ বৰাই ৰঙাঘৰৰ আলহী হৈ আছিল। আজি বিশেষ ন্যায়াধীশে জামিন মঞ্জুৰ কৰে। আদালতে নিৰ্দিষ্ট চৰ্তৰ অধীনত নূপুৰ বৰাক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। সূত্রমতে, নূপুৰ বৰাৰ বিৰুদ্ধে চলি থকা তদন্ত প্রক্রিয়া অব্যাহত থাকিব। দুর্নীতি নিয়ন্ত্রণ শাখাই আদালতৰ নিৰ্দেশ অনুসৰি আগন্তুক দিনত অধিক তথ্য সংগ্ৰহৰ কাম আগবঢ়াব বুলি জনোৱা হৈছে। ACS অধিকাৰী নূপুৰ বৰাৰ বিৰুদ্ধে চলি থকা তদন্তত একৰ পৰা এক চমকপ্রদ তথ্য উন্মোচিত হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী সতর্কতা আৰু দুর্নীতি নিয়ন্ত্রণ শাখা (CM Vigilance)য়ে নূপুৰ বৰাৰ গুৱাহাটীৰ ফ্লেটত অভিযান চলাই ১ কোটি ৭০ লক্ষ টকা নগদ ধন জব্দ কৰিছিল। তৎকালীন সময়ত নূপুৰ বৰা কামৰূপ জিলাৰ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যৰত আছিল। সেই সময়তে তেওঁৰ ঘনিষ্ঠ সহযোগী সুৰজিত ডেকাৰ বৰপেটাৰ বাসগৃহতো ভিজিলেঞ্চে একে সময়তে অভিযান চলাইছিল। সূত্রমতে, নূপুৰ বৰাৰ গুৱাহাটীৰ মালিগাঁও গোটানগৰৰ ফ্লেটত দুর্নীতি নিয়ন্ত্রণ দলে একাধিক দামী সামগ্রী, গহনা, নথিপত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰিছিল। তদন্তত প্রকাশ পাইছে যে নূপুৰ বৰা নিজ আয়তকৈ প্রায় ৪১৬% অধিক সম্পত্তিৰ গৰাকী। ভিজিলেঞ্চে ইতিমধ্যে তেওঁৰ ৯টা বেংক একাউন্ট জব্দ কৰিছে, লগতে বৰপেটাত থকা দুটা লকাৰ, আৰু বেলতলা-জালুকবাৰীৰ মাটি সম্পত্তিৰ তথ্যও সংগ্ৰহ কৰিছে।
