দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আটক সাংবাদিক : অসম জাতীয় পৰিষদৰ গৰিহণা
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্তব্যৰত সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ নিদি ওলোটাই আটক কৰা কাৰ্যক তীব্ৰ গৰিহনা দিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, ” গুৱাহাটীৰ পানবজাৰত থকা এপেক্স বেংকৰ মুখ্য কাৰ্য্যালয়ত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে বেংকটোত হোৱা কেলেংকাৰীৰ তদন্তৰ দাবীত এটা ধৰ্ণা কাৰ্য্যসূচীৰ আয়োজন কৰিছিল। উক্ত কাৰ্য্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দ্যা ক্ৰছ কাৰেন্টৰ জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰে সাংবাদিকৰ ধৰ্ম অনুসৰি, এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত লবৰ বাবে বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল। কিন্তু বেংক কৰ্তৃপক্ষই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি আৰক্ষী মাতি দিয়ে আৰু আৰক্ষীয়ে বৰ্তমানে সংবাদিকগৰাকীক আটক কৰি নি পানবজাৰ থানাত বহুৱাই থৈ দিছে।”আৰক্ষীৰ উক্ত কাৰ্য্যক সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ ফেচিষ্ট অপপ্ৰয়াস বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসমত এতিয়া দুৰ্নীতিমুক্ত পৰিৱেশ বিৰাজ কৰিছে আৰু সেয়ে ৰাজ্যত এতিয়া প্ৰতিবাদ নহয় বুলি অসম বিধানসভাত অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৰা ঘোষণা এটা স্পষ্ট মিথ্যাচাৰ। “আজি সাংবাদিকগৰাকীয়ে দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। কিন্তু তেখেতক আটক কৰি ভয় খুৱাব খোজাটোয়ে প্ৰমাণ কৰে যে প্ৰতিবাদ হ’বলৈ দিয়া হোৱা নাই, দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই” – গগৈ আৰু ভূঞাই কয়।