দুৰ্নীতিৰে APSC ৰ চাকৰি লোৱা ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব: আপ

দুৰ্নীতিৰে APSC ৰ চাকৰি লোৱা ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব: আপ

ৰঙিলী বাৰ্ত্তাসেৱা- এ পি এছ চিৰ দুৰ্নীতিত লিপ্ত একাংশক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু একে দুৰ্নীতিত লিপ্ত একাংশৰ বিৰুদ্ধে কেবল বিভাগীয় ব্যবস্থা কিয়? ৫০০ টকা উৎকোচ লোৱা দুৰ্নীতিত কৈ এ পি এছ চিৰ দুৰ্নীতি বেছি ভয়াবহ আৰু বিস্তৃত। সেয়ে এই দুৰ্নীতিত লিপ্ত সকলৰ বিৰুদ্ধে একে ব্যবস্থা হব লাগে। মানৱীয়তাৰ বাবে এই সকল দুৰ্নীতিগ্ৰস্ত ৰ বিৰুদ্ধে কেৱল বিভাগীয় ব্যবস্থা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে মুৰ পোলোকা মাৰিব বিচাৰিছে নেকি ? এই প্ৰশ্ন আপ, অসমৰ । এটা বিবৃতিত আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে -সন্মানীয় বি কে শৰ্মা ন্যায়িক তদন্ত আয়োগে ৩৪গৰাকী দুৰ্নীতিৰে APSC ৰ চাকৰি লাভ কৰা বিষয়াৰ বিৰুদ্ধে ‘মানৱীয়তা ‘ ৰ কথা কৈ ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰি বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পিছত ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বি কে শৰ্মা আয়োগে ২০১৩ বৰ্ষৰ প্ৰতিবেদন দাখিল কৰা ডেৰ বছৰ অতিক্ৰম কৰাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে। দুৰ্নীতিৰে APSC ৰ চাকৰি লোৱা সকলৰ বাবে মানৱীয়তাৰ দৃষ্টিভংগী দেখুওৱা মুখ্যমন্ত্ৰীয়ে শিল সাঁকোত খিলঞ্জীয়া পৰিয়াল কেইটাক উচ্ছেদ কৰোঁতে, অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০০ কৰ্মচাৰীক নিশাটোৰ ভিতৰতে চাকৰিৰ পৰা চাতাই কৰোঁতে কিয় মানৱীয়তা দেখুওৱা নাছিল বুলি আপে মুখ্যমন্ত্ৰীক সংবাদ মেল যোগে প্ৰশ্নও কৰিছিল। APSC ৰ ৩৪গৰাকী দুৰ্নীতিৰে চাকৰি লাভ কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ লোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰা বিবৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – বি কে শৰ্মা ন্যায়িক তদন্ত আয়োগে নাম উল্লেখ কৰা ৩৪ গৰাকী বিষয়াক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত কৰক। এই সন্দৰ্ভত চৰকাৰে প্ৰকৃততে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় হ’ব।