‌দুৰ্নীতিত লিপ্ত বিষয়া- কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়ক – কমলেশ কাঞ্চন

Pc Mangalore Today

‌দুৰ্নীতিত লিপ্ত বিষয়া- কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়ক

কমলেশ কাঞ্চন

মানুহৰ ছয় ৰিপুৰ ভিতৰত অন্যতম এক ৰিপু হৈছে লোভ। এই লোভক জয় কৰিব পৰা মানুহ সম্ভৱতঃ এই জগতত নাই। আৰু এই ছয় ৰিপুৰ প্ৰভাৱতেই মানুহে বিভিন্ন অপকৰ্ম কৰি আহিছে। কিন্তু মানুহ সদায় সমাজ হিতকৰ হোৱা উচিত। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ সমাজৰ বাবে বেয়া কাম কৰা অনুচিত। বৰ্তমান অসমৰ প্ৰেক্ষাপটত সস্তীয়া টকাৰ পিছত দৌৰা কৰ্মচাৰীয়ে নিজৰ লগতে সমাজলৈ এক ঋণাত্মক বাৰ্তা দিছে। চৰকাৰী কৰ্মচাৰীৰ হাত দাঙি থকা দৃশ্য এতিয়া একেবাৰে সহজ লভ্য হৈছে এইখন অসমত। উচ্চ বৰ্গৰ কৰ্মচাৰীৰ পৰা আদি কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ দুৰ্নীতিত লিপ্ত হোৱা খবৰে এতিয়া প্ৰায়ে বাতৰিকাকতৰ শিৰোনাম দখল কৰে। এই ক্ষেত্ৰত চৰকাৰখন সজাগ হোৱাৰ সময় সমাগত। বাৰে বাৰে একাংশ কৰ্মচাৰীৰ দুৰ্নীতিত লিপ্ত হৈ থকাৰ সাহস কেনেকৈ হৈছে চৰকাৰে কেতিয়াবা মন কৰিছেনে? দুৰ্নীতিত লিপ্ত হোৱা কৰ্মচাৰীক ছয় – আঠ মাহৰ কাৰণে নিলম্বন নহয় চাকৰিৰ পৰাই বিদায় দিয়ক চৰকাৰে। বৰ্তমান কৰ্মপটু মানুহৰ অভাৱ নাই। দুৰ্নীতিত যুক্ত কৰ্মচাৰীৰ বাবে সাধাৰণ জনতাই জীয়াতু ভুগিব লগীয়া হৈছে। নিজৰ প্ৰাপ্যখিনিও বিচাৰি যাবলৈ ভয় কৰে। এই ক্ষেত্ৰত চৰকাৰে দোষীক কঠোৰ শাস্তি দিয়াটো প্ৰয়োজন। প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ সময় আহি পৰিছে। দেশ এখন বা ৰাজ্য এখন আগুৱাই যাবলৈ হ’লে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বই লাগিব। গাঁৱৰ হোজা কৃষক সকলে বহু সময়ত কম মূল্যত বস্তু বিক্ৰী কৰি মূৰে – কপালে হাত দিয়া দৃশ্য এতিয়া তেনেই পৰিচিত অসমৰ ৰাইজৰ বাবে। কিন্তু সেই কৃষকৰে উৎপাদিত ফচল যেতিয়া গুৱাহাটী মহানগৰীলৈ আহে তেতিয়া প্ৰায় ৭০/৮০ শতাংশ বাঢ়ি যায় আনকি কেতিয়াবা ১০০ শতাংশ পৰ্যন্ত মূল্য বৃদ্ধি হোৱাও দেখা যায়। মূল্য বৃদ্ধিৰ এই বৃহৎ পাৰ্থক্য হোৱাৰ কাৰণ চৰকাৰে ভালদৰে অনুসন্ধান কৰিব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। দুৰ্নীতি পৰায়ন ব্যক্তি আৰু মধ্য ভোগী সকলৰ বাবে সমাজখনত বিশৃংখলতাৰ সৃষ্টি হৈছে।