দুৰ্ঘটনা – সবিতা বেগম

pc- onmanorama
দুৰ্ঘটনা
সবিতা বেগম, বৰপেটা
মেট্ৰিকত প্ৰথম স্থান লাভ কৰি ৰাজিব ইঞ্জিনিয়াৰিংত ছিট পাই ভৰ্তি হ’ল। পুতেকৰ সফলতায় আনন্দিত হৈ ৰমেন গৰু-ছাগলী বিক্ৰী কৰি কিছু টকা সুতত লৈ পুতেকক বাইক এখন কিনি দিয়ে। কেইমাহমান ভালেই গ’ল।
সময়ৰ সিদ্ধান্তত নুমি গ’ল আশাৰ চাকি। কলেজৰ পৰা আহোঁতে, ঘৰৰ এক কিলোমিটাৰ মানি দূৰত্বত ট্ৰাক এখনৰ খুন্দাত বাইক আৰু ৰাজিবৰ কোনো চিহ্নই নাই। মাথোঁ কলেজ আইকাৰ্ড চাই চিনাক্ত হ’ল।….