দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতিয়ে ভ্ৰমণ কৰা হেলিকপ্টাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাৰ এক বৃহৎ ত্ৰুটি পোহৰলৈ আহিছে। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভ্ৰমণ কৰা হেলিকপ্টাৰ। বুধবাৰে ৰাষ্ট্ৰপতিগৰাকী আকাশমাৰ্গেৰে যাত্ৰা কৰাৰ পূৰ্বে বিপদত পৰে আৰু কথমপি প্ৰাণৰক্ষা পৰে ৰাষ্ট্ৰপতিগৰাকীৰ। সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতিগৰাকী সবৰীমালালৈ তীর্থযাত্রালৈ যাবলৈ সাজু হৈছিল। বুধবাৰে পুৱা তেওঁ যাত্রা কৰিবলৈ থকা হেলিপেডত ভয়ংকৰ ঘটনা সংঘটিত হয়। যাত্ৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰখনৰ চকা হেলিপেডত আবদ্ধ হৈ পৰে। হেলিপেডৰ মাটিৰ অংশ ভাঙি পৰাত হেলিকপ্টাৰখনৰ এফাল হেলনীয়া হৈ পৰে। প্রশাসনিক সূত্ৰৰ মতে, হেলিপেডখনত চিমেণ্ট আৰু কংক্রিটৰ মিশ্রণ সদ্যনিৰ্মাণ কৰা হৈছিল আৰু সঠিকভারে শুকোৱা হোৱা নাছিল। ফলত হেলিকপ্টাৰখনৰ ওজন সেই স্থানে সহ্য কৰিব পৰা নাছিল। এই ঘটনাৰ পিছত তৎক্ষণাৎ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হেলিকপ্টাৰখন উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। বহু প্ৰচেষ্টাৰ পাছত হেলিকপ্টাৰখন সুৰক্ষিতভাৱে উঠোৱা সম্ভৱ হয়। সূত্র মতে, পুৱা ৪ বজালৈকে ৰাষ্ট্ৰপতি কেনেদৰে সবৰীমালালৈ যাব- গাড়ীৰে নে বিমানেৰে- সেই সিদ্ধান্ত স্পষ্ট হোৱা নাছিল। প্রথমে থিৰুৱনন্তপুৰমৰ পৰা পাম্পালৈ গাড়ীৰে যাব বুলি চিন্তা কৰা হৈছিল, কিন্তু পিছত সিদ্ধান্ত লোৱা হয় বিমানেৰে যাব বুলি। তাৰ পাছতেই খৰখেদাকৈ নিৰ্মাণ কৰা হয় নতুন হেলিপেডখন আৰু সেইখিনিতেই বুধবাৰে পুৱা এই বিপজ্জনক ঘটনাটো সংঘটিত হয়।ভাগ্যক্রমে কোনো ব্যক্তিগত ক্ষতি হোৱা নাই, কিন্তু এই ঘটনাই ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলি ধৰিছে। ইপিনে দেশৰ প্রথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে ইতিহাস গঢ়ি সবৰিমালা মন্দিৰ দৰ্শন কৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। সাংবিধানিক মুৰব্বী হিচাপে দায়িত্বত থকা সময়তে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে কেৰালাৰ সবৰিমালা মন্দিৰত ভগৱান আয়াপ্পাক পূজা-অর্চনা কৰে। ৰাষ্ট্ৰপতি মুর্মুৱে পাম্বাৰ পৰা সান্নিধানমলৈ ট্রেকিং পথ চাৰিচকীয়া বাহনেৰে অতিক্ৰম কৰি মন্দিৰ দৰ্শন কৰাৰ লগতে আৰতি পৰিৱেশন কৰে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰাষ্ট্ৰপতি মুর্মুরে সবৰিমালা মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰাটো ঐতিহাসিক ক্ষণ বুলি কয় ট্রেভেনকোৰ দেৱাশ্ৰম ব’র্ডে। ৰাষ্ট্ৰপতি মুর্মুৱে পৱিত্ৰ তীর্থস্থানত উপনীত হ’বলৈ ১৮ পৱিত্ৰ খটখটী বগাই যায়। মন্দিৰ দৰ্শন কৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে ট্রেভেনকোৰ দেৱাশ্ৰম ব’ৰ্ডৰ অতিথিশালালৈ গৈ দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰি কিছুসময় জিৰণি লয়। মুর্মু সবৰিমালা মন্দিৰ দৰ্শন কৰা প্রথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। ইয়াৰ পূৰ্বে ১৯৭০ চনত প্রাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে মন্দিৰটো দৰ্শন কৰিছিল যদিও সেই সময়ত তেওঁ সাংবিধানিক মুৰব্বী পদত অধিষ্ঠিত নাছিল।