দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰে’লৰ ৪২ যাত্ৰী ডিব্ৰুগড়ত সুৰক্ষিত উপস্থিত

দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰে’লৰ ৪২ যাত্ৰী ডিব্ৰুগড়ত সুৰক্ষিত উপস্থিত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱ ১৮ জুলাইত উত্তৰ প্ৰদেশৰ গোণ্ডাত দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী “ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ” ৰে’লৰ ডিব্ৰুগড়ৰ ৪২ গৰাকী যাত্ৰী আজি (২০ জুলাইত) সুৰক্ষিতভাৱে বিশেষ ৰে’লযোগে ডিব্ৰুগড়ৰ বানীপুৰত উপস্থিত হয়। ডিব্ৰুগড় জিলা প্ৰশাসনে সুকলমে উপস্থিত হোৱা প্ৰতিগৰাকী যাত্ৰীকে লঘু আহাৰ আৰু খোৱা পানীৰ যোগান ধৰাৰ লগতে দুগৰাকী যাত্ৰীক যাৱতীয় চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা এম্বুলেঞ্চ তথা অন্যান্য বাহনেৰে যাত্ৰীসকলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰা হয় বুলি জনসংযোগ সূত্ৰে প্ৰকাশ।